Daily Time Axom

সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লক্ষ্যৰে তিনিচুকীয়াত অতুল বৰা

0 41

ইংৰাজী নতুন বৰ্ষ-২০২৪ত অগপৰ ভাতৃ-ভগ্নী সংগঠনসমূহক নকৈ উজ্জীৱিত কৰি অসম গণ পৰিষদৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ বাবে তিনিচুকীয়াত উপস্থিত অতুল বৰা ৷ তিনিচুকীয়াৰ চিৰাপট্টিস্থিত অসম গণ পৰিষদ দলৰ তিনিচুকীয়া জিলা সমিতিৰ কাৰ্যালয়ত অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম চাহ পৰিষদৰ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত অসম চাহ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এক গুৰুত্বপূৰ্ণ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । শতাধিক দলীয় নেতা সদস্যৰ উপস্থিতিত অনুষ্ঠিত হোৱা এই বৈঠকত উপস্থিত থাকে অসম চৰকাৰৰ কৃষি মন্ত্ৰী তথা অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা, সম্পাদক তথা চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা । তাৰোপৰি অসম চাহ পৰিষদৰ সভাপতি প্ৰমোদ ভেংৰা, সাধাৰণ সম্পাদক ভাস্কৰ কালিন্দীৰ লগতে জিলা সমিতিসমূহৰ সভাপতি-সম্পাদকসকল উপস্থিত থাকে ৷ উক্ত সভাত সভাপতি অতুল বৰাই সংবাদ মাধ্যমেৰে হোৱা বাৰ্তা লাপত অসমৰ অন্যতম পিছপৰা চাহ জনগোষ্ঠীটোক সঠিক দিশত আগুৱাই নিয়াৰ উদ্দেশ্যে অসম গণ পৰিষদ দলৰ ভাতৃ সংগঠন অসম চাহ পৰিষদে বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে ৷ লগতে আগন্তুক লোকসভা আৰু পঞ্চায়তৰ নিৰ্বাচনৰ বাবে যাতে সাংগঠনিক ভেটি শক্তিশালী কৰিব পৰা যায় তাৰ ওপৰতো বিশদভাৱে আলোচনা কৰা হয় ৷ অগপৰ সভাপতি অতুল বৰাই লগতে কয় যে ইতিমধ্যে তেওঁলোকৰ অন্য এক ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদে ৰাজ্যৰ বহু মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈ সুফল লাভ কৰিছে ৷ অগপ দললৈও বহুতো যুৱক-যুৱতীৰ আগমন ঘটিছে, যি দলটোক নতুন তেজৰ যোগান ধৰিছে ৷ চাহ পৰিষদেও শ্ৰমিকসকলৰ মাজত চৰকাৰী আঁচনি সন্দৰ্ভত সজাগতা সৃষ্টি কৰাৰ লগতে তেওঁলোকক আঁচনিৰ সুফল লাভৰ বাবে বাট দেখুৱাবলৈ সক্ষম হৈছে ৷(

Leave A Reply

Your email address will not be published.