এইবাৰ বিশ্বৰ জনসংখ্যা ৭.৫ কোটিলৈ বৃদ্ধি পালে। নতুন বছৰত অৰ্থাৎ ২০২৪ চনৰ ১ জানুৱাৰীত এই সংখ্যা ৮ বিলিয়নতকৈ অলপ বেছি হ’ব। আমেৰিকাৰ লোকপিয়ল ব্যুৰোৱে এই তথ্য প্ৰকাশ কৰিছে। এই বছৰ বিশ্বৰ জনসংখ্যা বৃদ্ধি গড়ে মাত্ৰ ১%। ২০২৪ চনৰ প্ৰথম দিনটোৰ পৰা প্ৰতি ছেকেণ্ডত ৪.৩ জন লোকৰ জন্ম হ’ব আৰু ২ জন লোকৰ মৃত্যু হ’ব। ইফালে ২০২৩ চনত আমেৰিকাত জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ০.৫৩%। সেয়া হৈছে বিশ্বৰ জনসংখ্যা বৃদ্ধিৰ আধা। এই বছৰ আমেৰিকাত ১ কোটি ৭০ লাখ লোক বৃদ্ধি পাইছে। নতুন বছৰৰ প্ৰথম দিনটোত আমেৰিকাৰ জনসংখ্যা হ’ব ৩৩.৫৮ মিলিয়ন।