Daily Time Axom

নাজিৰাৰ ন-মাটি দিহিঙ্গীয়া গাৱত সদৌ অসম ভাওনা সমাৰোহৰ লাইখুঁটা স্থাপন

0 36

নাজিৰা মহকুমাৰ বৃহত্তৰ জোকতলি মৌজাবাসী ৰাইজৰ উদ্যোগত, শিৱসাগৰবাসী ৰাইজৰ সহযোগত আৰু মঠীয়াছিগাবাসী ৰাইজৰ আতিথ্যত ন-মাটি দিহিঙ্গীয়া গাৱৰ মহামিলন ক্ষেত্ৰত ২৮ জানুৱাৰীৰ পৰা ২ ফেব্ৰুৱাৰীলৈ ৬ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব লগা সদৌ অসম ভাওনা সমাৰোহৰ আজি আনুষ্ঠানিক ভাৱে লাইখুঁটা স্থাপন কৰে কলিয়াপানীৰ আউনীআটী সত্ৰৰ ডেকা সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীয়ে। এক সুন্দৰ আধ্যাত্মিক বাতাবৰণত অনুষ্ঠিত হোৱা উক্ত লাইখুঁটা স্থাপন অনুষ্ঠানত অঞ্চলটোৰ শতাধিক ভক্তপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানভাগ সাফল্যমণ্ডিত কৰাৰ বাবে সমূহ ৰাইজৰ সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ কামনা কৰিছে উদ্যোক্তাসকলে।

Leave A Reply

Your email address will not be published.