Daily Time Axom

মৈৰাবাৰীত মণ্ডল বিজেপিৰ কাৰ্যনিৰ্বাহক সভা

0 35

আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি শুক্ৰবাৰে মৈৰাবাৰী মণ্ডল বিজেপিৰ কায্যালয়ত এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় ।নগাঁও লোকসভাৰ লাহৰীঘাট সমষ্টিৰ অন্তৰ্গত মৈৰাবাৰী মণ্ডল উদ্দোগত অনুষ্ঠিত হয় এই সাংগঠনিক সভা ।মৈৰাবাৰী মণ্ডল বিজেপিৰ কাৰ্যালয়ত মণ্ডল সভানেত্ৰী আফিয়া বেগমৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ উদেশ্যে ব্যখ্যা কৰে মৈৰাবাৰী মণ্ডল বিজেপিৰ সম্পাদক আবুল কালাম ।এই সভাখনত মণ্ডল বিজেপিৰ বিভিন্ন মৰ্চাৰ সভাপতি সম্পাদক সদস্যা সকলৰ লগতে বিভিন্ন বুথৰ কৰ্মকৰ্তা সকল উপস্থিত থাকে ।বিকশিত ভাৰত যাত্ৰাৰ যোগেদি চৰকাৰৰ বিভিন্ন আচনি সমুহক জনসাধাৰণক অৱগত কৰোৱা এই সভাখনত আলোচনা কৰা হয় ।আগন্তুক লোকসভা নিৰ্বাচনত কেনেকৈ বিজেপিৰ কৰ্মী সকলে একো একোজন সৈনিকৰ দৰে কাম কৰি আগুৱাই যাব পাৰি সেই সম্পৰ্কে কেইবা জনো জেষ্ঠ বিজেপি কৰ্মীয়ে নিজৰ বক্তব্যত কয়।সাংগঠনিক দিশ কেনেকৈ অধিক শক্তিশালী কৰিব সেই বিষয়ে মৈৰাবাৰী মণ্ডল বিজেপিৰ সম্পাদক শ্বাহ আলম চৰকাৰৰ লগত শ্বহিদুল ইছলামে বক্তব্য দাঙি ধৰে ।বিজেপি এই সাংগঠনিক কাৰ্যনিৰ্বাহক সভাখনত লাহৰীঘাট সমষ্টিৰ বিজেপিৰ বিস্তাৰক ৰাজুমনি দাস ডাঙৰীয়া উপস্থিত থাকি কৰ্মকৰ্তা সকলৰ লগত মতবিনিময় কৰাৰ লগতে চৰকাৰী আচনি,লোকসভা নিৰ্বাচন,আৰু সাংগঠনিক দিশৰ ওপৰত ভক্তব্য প্ৰদান কৰে ।

Leave A Reply

Your email address will not be published.