Daily Time Axom

মাৰ্ঘেৰিটাত প্ৰায় ৭ হাজাৰ হিতাধিকাৰীক নতুন ৰেচন কাৰ্ড প্ৰদান

0 49

মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰে অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰাই।

ৰাইজৰ খাদ্য সুৰক্ষা নিশ্চিতকৰণ আৰু পৰিপুষ্টি সমাজ গঠনৰ উদ্দেশ্যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে পূৰ্ব প্ৰতিশ্ৰুতি অনুসৰি সমগ্ৰ অসমতে প্ৰায় ৪০ লাখতকৈ অধিক হিতাধিকাৰীক নতুন ৰেচন কাৰ্ড প্ৰদান কৰিছে ৷ তাৰেই অংশস্বৰূপে আজি উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত আয়োজিত সভাত মাৰ্ঘেৰিটা সমষ্টিটোৰ প্ৰায় ৭ হাজাৰ হিতাধিকাৰীক ৰেচন কাৰ্ড প্ৰদান কৰা হয় ৷অসম চৰকাৰৰ উদ্যোগ বানিজ্য সাংস্কৃতিক পৰিক্ৰমা আদি দপ্তৰৰ মন্ত্ৰী বিমল বৰাই মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি প্ৰায় এঘন্টাৰো অধিক সময় বক্তব্য দাঙি ধৰে । মন্ত্ৰীগৰাকীয়ে আমি সকলোৱে আত্মনিৰ্ভৰশীল হৈ স্বাভিমানেৰে জীয়াই থাকিব লাগিব বুলি কৈ ইয়াৰ নিমিত্তে ভাৰত তথা অসম চৰকাৰে বিভিন্ন আচঁনি গ্ৰহণ কৰি অহাৰ কথা কয় ।

Leave A Reply

Your email address will not be published.