চৰকাৰক সু-ব্যৱস্হা কৰি দিৱলৈ আহ্বান স্হানীয় ৰাইজৰ।।
চৰকাৰৰ জল জীৱন আঁচনিয়ে ঢুকি নোপোৱা এখন গাঁৱৰ ৰাইজ।। এটুপি বিশুদ্ধ খোৱা পানীৰ বাবে হাহাকাৰ উক্ত অঞ্চলৰ ৰাইজৰ। এয়া হোজাই জিলাৰ অন্তৰ্গত লামডিং বিধানসভা সমষ্টিৰ খাগৰিজান গাঁও পঞ্চায়তৰ পশ্চিম লালমাটীবাসী ৰাইজৰ দূৰৱস্থা।। বিগত ২০-২২ বছৰে মাটি খান্দি অস্বাস্হ্যকৰ পানী খাই জীৱন নিৰ্বাহ কৰি আছে উক্ত অঞ্চলৰ ৰাইজে।। নিজ ঘৰৰ পৰা দূৰণিলৈ গৈ অ-বিজ্ঞান সন্মত কুঁৱাৰ পৰা পানী খাই আহিছে উক্ত অঞ্চলৰ ৰাইজে।। নিজে পানী খোৱাৰ লগতে পশুধনকো পানী খোৱাই আহিছে উক্ত কুঁৱাটোৰ পৰাই।। সেইহে বিভাগীয় কৰ্তৃপক্ষক কিম্বা চৰকাৰক পানীৰ সু-ব্যৱস্হা কৰিবলৈ আহ্বান ৰাইজৰ।।