Daily Time Axom

টীয়কৰ সোনাৰী মিচিং গাঁৱত আলি আয়ে লৃগাঙৰ প্ৰস্তুতি তুংগত

0 56

চৰকাৰী বন্ধ ঘোষণাৰ বাবে ৰাজ্য চৰকাৰক জনালে ধন্যবাদ

মিচিং জনগোষ্ঠীৰ কৃষি ভিত্তিক উৎসৱ আলি আয়ে লৃগাংলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত দেখা গৈছে মিচিং অধ্যুষিত অঞ্চলসমূহত এই উৎসৱ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতিৰ । ব্যতিক্ৰম নহয় টীয়কৰ সোনাৰী গাঁৱৰ মিচিং ৰাইজো।এইবাৰ তিনিদিনীয়াকৈ আয়োজন কৰা আলি আয়ে লৃগাংৰ বাবে ইতিমধ্যে গাঁৱৰ মুকলি পথাৰত চলাইছে ব্যাপক প্ৰস্তুতি সমান্তৰালকৈ ঐনিতমৰ সুৰত মতলীয়া গাঁৱৰ ডেকা-গাভৰু।ফাগুনৰ প্ৰথমটো বুধবাৰে সমূহ মিচিং সমাজে উদযাপন কৰিব আলি আয়ে লৃগাং।ইপিনে গাৱঁৰ অন্যতম সংগঠন জ্ঞানজ্যোতি যুৱ সংঘই এইবাৰ ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিলে।সেয়ে উৎসৱ উদযাপনৰ লগত ৰূপালী জয়ন্তী বৰ্ষটোত সকলো যুৱসমাজে তিনিদিনীয়াকৈ বিভিন্ন বৰ্নাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিবলৈ মনস্থ কৰি প্ৰস্তুতি তুংগত চলাইছে।উল্লেখযোগ্য যে অসম চৰকাৰে মিচিং অধ্যুষিত অঞ্চলত আলি আয়ে লৃগাং উপলক্ষত চৰকাৰী বন্ধৰ যি ঘোষণা কৰিছে তাক লৈ এতিয়া সকলো মিচিং জনগোষ্ঠীয় লোকে একেমুখে চৰকাৰক ধন্যবাদ জনাইছে।লগতে চাই আপং,গাহৰি মাংস,পৰ আপকে ধৰি বিভিন্ন জনগোষ্ঠীয় খাদ্যকে ধৰি অনান্য সকলো যোগাৰ প্ৰায় সমাপ্তৰ হৈছে বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে।

Leave A Reply

Your email address will not be published.