Daily Time Axom

আত্ম বিশ্বাসেই সফলতাৰ মূল মন্ত্ৰ , অৰুনিমা সিনহাৰ অকল্পনিয় এভাৰেষ্ট আৰোহণ যাত্ৰা

0 28

আত্ম বিশ্বাসেই সফলতাৰ মূল মন্ত্ৰ , অৰুনিমা সিনহাৰ অকল্পনিয় এভাৰেষ্ট আৰোহণ যাত্ৰা

চার্লচ ডাৰউইন ৰ বিখ্যাত মতবাদ “”Survival of the Fittest ” অনুসৰি যিবোৰ জীৱই জীৱন সংগ্ৰামৰ মাজতে পৰিস্থিতিৰ লগত নিজকে খাপখুৱাই ল’বলৈ সক্ষম হয়, তেনে জীৱইহে প্ৰকৃতিক ভোগ কৰিবলৈ পায়। প্রকৃতিয়ে সেইসমূহ আদৰি লয়। যিয়ে জীৱন সংগ্ৰামত বর্তি থাকে আৰু পৰিৱর্তিত পৰিস্থিতিৰ লগত নিজকে খাপ খুৱাই ৰাখে। এই মতবাদৰ সামাজিক প্ৰতিফলনৰ স্বৰূপে , প্ৰৱল ইচ্ছা শক্তি আৰু আত্ম বলৰ সহায়ত কৃতকাৰ্যতাৰ শিখৰত উপনীত হৈ নিজৰ মান আৰু যশস্যা ৰ স্বাক্ষৰ এই পৃথিৱীত চিৰদিনৰ বাবে লিখি যাবলৈ সক্ষম হোৱা মহান মহান ব্যক্তি সকল ৰ কথাকে কব পাৰি।দৰাচলতে তেঁওলোকে হৈছে জীৱন যুঁজৰ প্ৰকৃত যোদ্ধা। ঠিক তেনেদৰে নিজৰ উচ্চাকাংক্ষী হাবিয়াসেৰে সকলো বাধা বিঘিনি নেওচি সফলতাৰ শিখৰত উৰ্ত্তীন হোৱা অৰুনিমা সিনহা ই নিজৰ মহীয়সীকতাৰ প্ৰমাণ যিদৰে দাঙি ধৰিলে সেয়া সঁচাকৈ সন্মানৰ যোগ্য। নেপোলিয়ন বোনাপার্ট ৰ উক্তি মতে, এই পৃথিৱীত অসম্ভৱ বোলা বস্তু একুৱাই নাই। অসম্ভৱ শব্দটো কেবল মূৰ্খৰ অভিধানত হে থাকে। যি সময়ত ইফালে শাৰীৰিক প্ৰতিবন্ধকতাক পৌতৰ পাত্ৰ বুলি সহানুভূতি ৰ দৃষ্টি নিক্ষেপ কৰা হয়, পূৰ্ব জন্মৰ পাপৰ দুৰ্ভাগ্য বুলি গণ্য কৰা হয়, সেই একেই সময়ত অৰুনিমাই দুৰ্ভাগ্যক সৌভাগ্য লৈ ৰূপান্তৰ কৰিলে।

অৰুনিমাৰ জন্ম হৈছিল ১৯৮৮ চনৰ উত্তৰ প্ৰদেশত। সৰুৰে পৰা তেঁও ভলীবল খেলৰ প্ৰতি প্ৰবল ধাউতি আছিল। আৰু পাছলৈ তেঁও ভলীবল ত্ বিশেষ ভাৱে পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল। এবাৰ ৰেলত যাত্ৰা কৰি থাকোতে তেঁওৰ লগতে অন্য যাত্ৰীসকল দুৰ্বৃত্তৰ কবলত পৰিছিল। দুৰ্বৃত্তৰ দলটোৱে তেওঁলোকক পৰা আ – অলংকাৰ, টকা পইচা সকলো কাঢ়ি লৈছিল। কিন্তু অৰুনিমাই নিজৰ ডিঙিত পিন্ধি থকা সোণৰ চেইন ডাল দিবলৈ অমান্তি হৈছিল।বাৰে বাৰে ধমকি দিয়াৰ পাছত ও তেওঁ মনা নাছিল। আৰু অৱশেষত তেতিয়া দুৰ্বৃত্তৰ দল টোতে অৰুনিমাক চলন্ত ৰেল গাড়ী খনৰ পৰা দলিয়াই দিয়ে । আৰু লগে লগে অৰুনিমা ৰ এখন ভৰি চিঙি যায়। এক জীৱন্ত মানৱৰ নৰক সদৃশ চিৎকাৰ । অৰুনিমা ৰ সেই যন্ত্ৰণাৰ চিৎকাৰ তীব্ৰ বেগী ৰেল ৰ শব্দই ম্লান কৰি পেলাইছিল। তেওঁক সহায় কৰিবলৈ কোনো নাছিল । এনেদৰে ঘণ্টাৰ পিছত ঘণ্টা ধৰি একো একো খণ কৈ ৰেল গাড়ী পাৰ হল আৰু অৰুনিমা তেতিয়া ও তাতে পৰি ৰৈছিল।সেই ভয়ংকৰ ৰাতিটোৰ কথা বৰ্ণনা কৰোঁতে তেখেতে কৈছিল, তেওঁ পৰি ৰোৱা অৱস্থানত তেওঁৰ কাটি যোৱা ভৰি খণৰ মাংস পেশী এন্দুৰৰে কুটিছিল, তেওঁ বিষ ত চৎ ফতাইছিল ।অসহায়ক যন্ত্ৰণা ভোগ কৰি আৰু জীয়াই থাকিব পাৰিব বুলি ভৱা কথাটো তেওঁৰ অলৌকিক যেন লাগিছিল। নিশাটো তেনেকৈ পাৰ হৈছিল। পিছদিনা ৰাতিপুৱা স্থানীয় লোকৰ চকু পৰাত তৎক্ষণাৎ তেওঁক হস্পিটেলত ত ভৰ্ত্তি কৰায় যদিও তেওঁ ৰ ভৰি খন ঠিক কৰিব পৰা নগল। তাৰ বিপৰীতে কৃত্ৰিম ভৰি সংযোজন কৰা গল। আৰু চিৰদিনৰ বাবে প্ৰতিবন্ধী হৈ পৰে তেওঁ। সেই ৰাতিটোৱে আৰুনিমা ৰ জীৱনত কাল অমানিশা নমাই আনিছিল। হঠাৎ তেওঁৰ জীৱন সলনি হৈছিল, তেওঁ ভবা নাছিল সেই ঘটনাটোৱে তেওঁ সপোন বাটত হেঙাৰ হৈ পৰিব। তেওঁ এই জীৱনত কোনো দিন ভলীবল খেলিব নোৱাৰিব। নিয়ৰিত ওচৰত প্ৰচণ্ড ক্ষোভ নিগৰাই এই ভয়ংকৰ বাস্তৱতাক গ্ৰহণৰ কৰাটো তেওঁৰ কাৰণে সহজ নাছিল।

কিন্তু তেওঁৰ আছিল এক জিজ্ঞাস্যাৰে পৰিপূৰ্ণ মন। এক অনুধাৱনকাৰি শক্তি। সেয়েহে হস্পিটেলত ৰ বিছনা ত পৰি থকা অৱস্থাত ও তেওঁ এভাৰেষ্ট অভিযান কৰাৰ সপোন দেখিছিল। কৃত্ৰিম ভৰি সংযোজন কৰি সুস্থ হৈ ঘৰত যোৱাৰ পিছত তেওঁৰ পৰিয়াল আৰু পৰিয়ালৰ অন্য সদস্য সকলৰ আগত এভাৰেষ্ট অতিক্ৰম কৰাৰ মনোবাঞ্ছা কথা ব্যক্ত কৰাত ,সকলোৱে তেওঁক সহানুভূতিৰ ৰ চাউনী নিক্ষেপ কৰি বুজনি দিছিল যে এয়া এগৰাকী প্ৰতিবন্ধী ৰ বাবে কল্পনাৰ অতীত। কিয়নো মাউণ্ট এভাৰেষ্ট হল পৃথিৱীৰ সৰ্ব্বোচ্চ উচ্চতাত থকা পৰ্বত। ই হিমালয় পৰ্বতমালাৰ মহালংগো অংশত সাগৰ পৃষ্ঠৰ পৰা ৮৮৪৮ মিটাৰ (২৯০২৯ ফুট) উচ্চতাত অৱস্থিত।
মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা বহুত অভিযানকাৰী দু:সাহসিক অভিজ্ঞতা সম্পৰ্কে আমি সকলোৱে কম বেছি পৰিমানে জ্ঞাত ।আৰোহণকাৰীয়ে অভিযান চলোৱা সময়ত বহুতো বাধা-বিঘনিৰ সন্মুখীন হ’ব লগাত পৰে। ইয়াৰ ভিতৰত ৰুক্ষ জলবায়ু, বতাহ, বৰফৰ স্খলন (avalanches) ইত্যাদি প্ৰধান। সাধাৰণ মানুহ এজনে যদি ইমান সমস্যাৰ সন্মূখীন হব লগাত পৰে , তেন্তে এই ক্ষেত্ৰত এগৰাকী প্ৰতিবন্ধীয়ে জীৱন সংকটত পেলাই এই অভিযানত যোৱাটো কেনেদৰে সম্ভৱ।.????
এই অসম্ভক ক ও সম্ভব কৰি দেখালে অৰুনিমাই । সকলো সহানুভূতি , তীৰস্কাৰ , আৰু সমালোচনাৰ ক নেওচি অৰুনিমা ই অনুশীলন ত নামি পৰিল, প্ৰশিক্ষণ ললে। কৃত্ৰিম ভৰিৰে হাজাৰ বাৰ তেওঁ পৰিলে আৰু উঠিলে , কিন্তু হাৰ নামানিলে। অৱশেষত একাত্ম মনোবল ৰ দ্বাৰা তেওঁ ২০১৩ চনৰ ২১ মে ত মাউণ্ট এভাৰেষ্টৰ আৰোহন কৰিবলৈ সক্ষম হয়। তেওঁৰ সফলতাৰ মূল কাৰণ আছিল তেওঁ মানসিক ভাৱে যথেষ্ট শক্তিশালী আছিল । কঠোৰ ত কৈও কঠোৰ অনুশীলন কৰিছিল তেওঁ একমাত্ৰ নিজৰ লক্ষ্যত উপনীত হবলৈ।

অৰুনিমা ৰ জীৱন যাত্ৰাৰ পৰা এটা কথাই শিকিব পাৰি যে , জীৱন এক বিশাল কৰ্মক্ষেত্ৰ। জীৱনত প্ৰতিটো স্তৰত আমি নিজৰ মূল্য ক উপলদ্ধি কৰি কৰ্ম কৰি যাব লাগে।আৰু সংঘাত আৰু সংগ্ৰাম জীৱন অনিৰ্বায্য অংগ। সংগ্ৰাম অবিহনে জীৱন আধৰুৱা, সকলোৰে জীৱনত সংঘাত আহে , কিন্তু ই স্থায়ী নহয়। ঘটি যোৱা কথা বোৰ পাহৰি মনোবল শক্তিশালী কৰি আমি সদায় জীৱন বাটত খোজ দিব লগে।

Leave A Reply

Your email address will not be published.