ভাৰতীয় জনতা পাৰ্টি দক্ষিণ শালমাৰা মানকাচৰ জিলা বিজেপিৰ প্ৰাক্তন জিলা উপ-সভাপতি তথ সদৰ হাটশিঙীমাৰী মণ্ডলৰ মণ্ডল সভাপতি আব্দুল আলিম মোল্লাৰ সভাপতিত্বত আৰু হাটশিঙীমাৰীৰ সদৰ মণ্ডলৰ কো কণভেনাৰ সাহালম মোল্লা আৰু আশাফুল ইছলামৰ উপস্থিতত বিশাল যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।
ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি গভীৰ আকৃষ্ট হৈ চৰকাৰৰ বিকাশমুখী যাত্ৰাৰ প্ৰতি আকৃষ্ট হৈ বহুকেইজন কংগ্ৰেছৰ কৰ্মী, সামাজিক ক্ষেত্ৰৰ লগত জড়িত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিকে প্ৰমুখ্য কৰি প্ৰায় ২০০ গৰাকী ব্যক্তিয়ে ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিক ভাৱে যোগদান কৰে।