Daily Time Axom

টীয়কৰ জাঁজীমুখত অবৈধ মাটি বালি কঢ়িওৱা ডাম্পাৰ দৌৰাত্ম্যৰ বিৰুদ্ধে শতাধিক ৰাইজ ওলাই আহিল ৰাজপথলৈ

0 25

টীয়কৰ জাঁজীমুখ মুদৈজান সংযোগী পথৰ ওপৰত নিতৌ শ শ ডাম্পাৰে মাটি পলস কঢ়িয়াই দিনে নিশাই ৰাইজক যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি কৰি আহিছে।বহু সময়ত অঞ্চলটোৰ একাংশ সচেতন ব্যক্তিয়ে এই ক্ষেত্ৰত এক যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোৰহাট বণ বিভাগক দাবী জনাই আহিছে যদিও বনবিভাগে এইসমূহ ডাম্পাৰৰ দৌৰাত্ম্য নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কিবা পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই।অৱশ্যে কালি উক্ত পথত এক দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে আজি বনবিভাগ তথা প্ৰশাসন সস্তম হোৱা পৰিলক্ষিত হৈছে।সেয়ে ৰাইজ আজি এইদৰে ওলাই আহি ডাম্পাৰৰ দৌৰাত্ম্য তথা বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে।
বিশেষকৈ টীয়ক আঞ্চলিক ছাত্র সন্থাই এই ক্ষেত্ৰত জিলা আয়ুক্তক বিগত সময়চোৱাত অৱগত কৰিছিল যদিও এই পৰ্যন্ত কোনো পদক্ষেপ নোলোৱাত ছাত্ৰ সন্থাৰ উদ্যোগত স্থানীয় ৰাইজে আজি জাঁজীমুখৰ মূল পথত প্ৰতিবাদ সাব্যস্ত কৰি এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰিছে।অন্যথা তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ় দিয়াৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে।

Leave A Reply

Your email address will not be published.