Daily Time Axom

সাতটাকৈ মৃতদেহ মোনাত ভৰাই জুৰীয়া আৰক্ষী থানাত উপস্থিত এগৰাকী মহিলা

0 46

সাতটাকৈ মৃতদেহ লৈ জুৰীয়া আৰক্ষী থানাত এগৰাকী মহিলা। মৃতদেহ সাতটা অৱশ্যে ৰজা হাঁহৰ পোৱালিৰহে। ৰজা হাঁহৰ পোৱালি কেইটা খেতিলৈ যোৱাৰ বাবেই মৰিয়াই মৰিয়াই মাৰিলে বাইতুল ইছলামে। এই জঘন্য ঘটনা সংঘটিত হৈছে জুৰীয়াৰ কাষৰীত।

পথাৰলৈ গৈ বেছি শব্দ কৰাৰ বাবে খঙত অগ্নিশৰ্মা হৈ খেতিৰ মালিকৰ পুতেক বাইতুল ইছলামে মাৰিলে সাতটাকেই ৰাজ হাঁহৰ পোৱালি।

লাখুটিৰে মৰিয়াই মৰিয়াই হত্যা কৰে সাতটাকে ৰাজ হাঁহৰ পোৱালিক ।

এই অভিযোগ কাষৰীৰ হাঁহৰ মালিক মিনাৰা খাতুনৰ। দুই হেজাৰ টকাত বিক্ৰী হোৱা ৰজা হাঁহৰ প্ৰতিটো পোৱালিক মাৰি পেলোৱাত দুখীয়া মিনাৰা খাতুনে কান্দি কান্দি অভিযোগ দিলে বাইতুল ইছলামৰ দেউতা আব্দুল মৌকিতৰ ওচৰত। ইফালে এই জঘন্য ঘটনা সংঘটিত কৰা মৌকিতে ওলোটাই বেয়া ব্যৱহাৰ কৰি পঠিয়াই মিনাৰা খাতুনক । উপায়হীন হৈ মিনাৰা খাতুনে ল’লে আইনৰ আশ্ৰয়। হাঁহৰ পোৱালি সাতটাৰ মৃতদেহ লগতলৈ উপস্থিত হ’ল জুৰীয়া আৰক্ষী থানাত,দিলে এজাহাৰ। এই ক্ষেত্ৰত আৰক্ষীয়ে কি পদক্ষেপ লয় সেয়া হ’ব লক্ষ্যনীয়।

Leave A Reply

Your email address will not be published.