নলবাৰী জিলাৰ মুকালমুৱাৰ চৰাঞ্চলত চৰকাৰী বিদ্যালয়ত চুৰিকাণ্ডৰ ঘটনা সংঘটিত হয়।গৰাখহনীয়াৰ কবলত পৰি কেইবাৰো স্থানান্তৰিত হোৱা বিদ্যালয়খনত চোৰে সংঘটিত কৰিলে চুৰিকাণ্ড। বৰক্ষেত্ৰী প্ৰাথমিক শিক্ষা খণ্ডৰ অধীনস্থ পশ্চিম কাজিয়া প্ৰাথমিক বিদ্যালয়ত যোৱা নিশা সংঘটিত হয় চুৰি কাণ্ড । ৰাতিপুৱা স্থানীয় লোকে বিদ্যালয় গৃহৰ তলা ভঙা দেখি বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে পৰিচালনা সভাপতিৰ লগতে ৰাইজ উপস্থিত হৈ ঘটনাটো প্ৰত্যক্ষ কৰে। দৰ্জাৰ তলা ভাঙি চোৰে বিদ্যালয়খনৰ বিভিন্ন আচবাবৰ লগতে গুৰুত্বপূৰ্ণ নথি পত্ৰ চুৰি কৰা বুলি জানিব দিয়ে স্থানীয় লোক তথা বিদ্যালয়ৰ প্ৰধান শিক্ষকে। ঘটনা সন্দৰ্ভত দৌলাশাল আৰক্ষী চকীত এজাহাৰ দাখিল কৰে বিদ্যালয় পৰিচালনা সমিতিয়ে।