Daily Time Axom

সৰুপথাৰত ধনশিৰি ৰেডক্ৰছৰ ৰাইজৰ মাজত মাস্ক, গ্লোভচ, চাবোন বিতৰণ

0 9

ডিজিটেল ডেস্ক :সমগ্ৰ দেশৰ সমান্তৰালকৈ অসমতো ক’ভিড ১৯ য়ে ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে ভাৰতীয় ৰেডক্ৰছ চছাইটিৰ ধনশিৰি জিলা শাখাই গ্ৰহণ কৰি আহিছে প্ৰশংসনীয় পদক্ষেপ। মঙ্গলবাৰে সৰুপথাৰৰ টেঙাহোলা গাঁও পঞ্চায়ত অন্তৰ্গত নাহৰণি গাঁৱত প্ৰায় 125 গৰাকী পুৰুষ মহিলাক ক’ভিড ১৯ৰ বিৰুদ্ধে সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে মাস্ক, গ্লোভচ, চাবোন আদি বিতৰণৰ কৰে ভাৰতীয় ৰেডক্ৰছ চছাইটিৰ ধনশিৰি জিলা শাখাই। উক্ত অনুষ্ঠানত ভাৰতীয় ৰেডক্ৰছ চছাইটিৰ ধনশিৰি জিলা শাখাৰ
উপ-সভাপতি দন্দেশ্বৰ বৰা , সম্পাদক দিলীপ কোঁৱৰ ,সহকাৰী সম্পাদক মাণিক কুমাৰ দেৱ, কাৰ্যকাৰী সদস্য বলীন বৰা ,ৰঞ্জন মহন্ত লগতে বিনয় দত্ত শৰ্মা ,তিলক বৰা সহ ভালেকেইজন ৰেডক্ৰছৰ বিষয়ববীয়া উপস্থিত থাকে ।

উল্লেখ্য যে, ভাৰতীয় ৰেডক্ৰছ চছাইটিৰ ধনশিৰি জিলা শাখাই ইয়াৰ পূৰ্বেও সৰুপথাৰ আৰু বৰপথাৰ আৰক্ষী থানা,ধনশিৰি মহকুমাধিপতি কাৰ্য্যালয়,মহকুমাটোৰ জ্যেষ্ঠ সাংবাদিক সকলৰ লগতে কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, শিক্ষক, অভিভাৱকৰ মাজত মাস্ক, গ্লোভচ, চাবোন আদি বিনামূলীয়াকৈ বিতৰণ কৰি আহিছে ।

ভাৰতীয় ৰেডক্ৰছ চছাইটিৰ ধনশিৰি জিলা শাখাৰ ক’ভিড মহামাৰী বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰা এনে কাৰ্যসূচীক ধনশিৰি মহকুমাৰ সচেতন মহলে শলাগ লৈছে।

Leave A Reply

Your email address will not be published.