Daily Time Axom

বৰনগৰ মহাবিদ্যালয়ত ফাতেহা-ই-দোৱাজ-দাহম উদযাপন

0 44

কোৰান তেলায়েত প্ৰতিযোগিতাত প্ৰথম স্থান বুলবুল হাছানে লাভ কৰে।

আজি নামনি অসমৰ বৰপেটা জিলাৰ সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত ফাতেহা-ই-দোৱাজ-দাহম উদযাপন কৰে,পুৱা ৮ বজাত মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত উপাধ্যক্ষ ৰেজাউল কৰিম আহমেদ পতাকা উত্তোলন কৰে,৮ বাজি ১৫ মিনিটত শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ড° জাহেৰুল আলমে গছপুলি ৰোপণ কৰে,৮ বাজি ৩০ মিনিটত কোৰান তেলায়েত,গজল আৰু জিগিৰ-জাৰী প্ৰতিযোগিতা অনুষ্ঠিত হয়,তাৰপাছত বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপিকা ড° বেগম ছাদিকা ইয়াছিনৰ পৰিচালনাত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়,১১ বাজি ৩০ বজাত মুকলি সভা তথা বঁটা বিতৰণি সভা অনুষ্ঠিত হয়,সভাপতিত্ব কৰে শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক ড° জাহেৰুল আলমে,বিশিষ্ট অতিথি হিচাপে মহাবিদ্যালয়খনৰ অসমীয়া বিভাগৰ প্ৰাক্তন অধ্যাপক শৈলেন কুমাৰ দাস আৰু নিদিৰ্ষ্ট বক্তা হিচাপে মাণিকপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক গাজিৱৰ ৰহমান উপস্থিত থাকে,আনফালে কোৰান তেলায়েত প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ বুলবুল হাছান আৰু ওমৰ ফাৰুক ৰহমানে দ্বিতীয় পুৰস্কাৰ লাভ কৰে,গজল প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ আজমিনা খাতুন আৰু চানিয়াৰা খাতুন দ্বিতীয় পুৰস্কাৰ লাভ কৰে,জিগিৰ-জাৰী প্ৰতিযোগিতাত মঞ্জুৱাৰা খাতুনৰ দ’লে প্ৰথম পুৰস্কাৰ আৰু মাফুজা খাতুনৰ দ’লে দ্বিতীয় পুৰস্কাৰ লাভ কৰে,কুইজ প্ৰতিযোগিতাত চয়নিকা শৰ্মাৰ দ’লে প্ৰথম পুৰস্কাৰ আৰু মনিৰুজ যামানৰ দ’লে দ্বিতীয় পুৰস্কাৰ লাভ কৰে৷

সৰভোগৰ পৰা ছহিজুল আলিৰ ৰিপ’ৰ্ট

Leave A Reply

Your email address will not be published.