Daily Time Axom

যোৰহাটৰ প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান সফল কামনাৰে অগপ বিজেপিয়ে ভগৱানৰ চৰণত ল’লে সেৱা

0 58

অহা ৯ মাৰ্চত দেশৰ প্ৰধানমন্ত্ৰীগৰাকী যোৰহাটলৈ আহিব।লাহদৈগড়স্থিত বীৰ লাচিত মৈডামত নিৰ্মিত বীৰ লাচিত সুউচ্চ প্ৰতিমূৰ্ত্তিৰ শুভ উন্মোচন কৰিব।লগতে মেলেং মেটেলি পথাৰত আয়োজিত এক বিশাল জনসভাত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।ইতিমধ্যে প্ৰধান মন্ত্ৰীক আদৰাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে আৰু সুন্দৰকৈ সজাই পৰাই তোলা হৈছে সমগ্ৰ জিলাখন।সেয়ে প্ৰধানমন্ত্ৰীৰ আগমণৰ ক্ষেত্ৰত যাতে কোনো অসুবিধাৰ সৃষ্টি নহয় তথা সুকলমে যাতে সকলোখিনি সম্পাদন হয় তাৰ উদ্দেশ্য আগত ৰাখি আজি জিলা বিজেপি-অগপই জিলাখনৰ অন্যতম ঐতিহাসিক পীঠ মহাপুৰুষ মাধৱদেৱ প্ৰতিষ্ঠিত ঢেকীয়াখোৱা বৰনামঘৰ,মইনাপৰীয়া নামঘৰ আৰু সভাস্থলীৰ কাষতে থকা এক শৰণ ভাগৱতী সমাজৰ নামঘৰত নেদেখাজনৰ চৰণত সেৱা লৈছে আৰু প্ৰধানমন্ত্ৰীৰ আগমণে নিশ্চিতভাৱে যোৰহাটবাসী তথা অসমবাসীৰ উন্নয়নৰ ধাৰা অব্যাহত ৰাখিব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে।উক্ত অনুষ্ঠানত জিলা বিজেপিৰ সভাপতি হেমন্ত কলিতা,সম্পাদক অমৰ শইকীয়া,অগপৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক বিকাশ শইকীয়াকে প্ৰমুখ্য কৰি দুয়োটা দলৰ ভালেসংখ্যক কৰ্মকৰ্তা উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

Leave A Reply

Your email address will not be published.