বৰক্ষেত্ৰীৰ লাৰকুছিত ব্ৰহ্মপুত্ৰ নৈৰ মঠাউৰীৰ কাম পূৰ্ণগতিত চলি থকা পৰিদৰ্শন বিধায়ক দিগন্ত বৰ্মনৰ।
ডিজিটেল ডেস্কঃ বাৰিষা সমাগত । ৰাজ্যত বান আৰু গৰাখহনীয়াই কেনে এক পৰিস্থিতিৰ সৃষ্টি কৰে সেয়া আমাৰ সকলোৰে জ্ঞাত।সেয়েহে গড়াখহনীয়া ৰোধৰ বাবে দৌলাশাল লাৰকুছি গাওঁ পঞ্চায়তৰ সভাপতি ৰফিকুল ইছলামৰ নেতৃত্বত পূৰ্ণ গতিত চলি আছে নদী বান্ধৰ কাম।বৰক্ষেত্ৰীৰ কংগ্ৰেছ দলৰ বিধায়ক দিগন্ত বৰ্মণে উক্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে পেৰাধৰা উপ স্বাহ্যকেন্দ্ৰ পৰিদৰ্শন কৰা পৰিলক্ষিত হয়। বিধায়কগৰাকীৰ লগত উক্ত অঞ্চলটো পৰিদৰ্শন কৰে l Legal Cell ৰ সভাপতি ছহিদুল ইছলাম আৰু দৌলাশাল লাৰকুছি মণ্ডল কংগ্ৰেছৰ সম্পাদক জিয়াউৰ ৰহমানে।উক্ত অঞ্চলতো পৰিদৰ্শন কৰাৰ পিছতে বিধায়ক দিগন্ত বৰ্মণে এইবাৰ সাময়িক সকাহ দিয়াৰ বাবেহে এই কাম কৰা হৈছে বুলি জনায় ।আনহাতে পৰৱৰ্তী সময়ত চৰকাৰৰ সহযোগত উন্নত পদ্ধতিৰে গৰাখহনীয়াৰ স্থায়ী সমাধান কৰাৰ বাবে পৰিকল্পনা কৰা হ’ব বুলিও মন্তব্য প্ৰকাশ কৰে বিধায়কগৰাকীয়ে।