Daily Time Axom

খনামুখৰ বনকৰ্মী ৰাতুল গগৈৰ ৰহস্যজনক মৃত্যু।চেলেংহাট ষ্টেচনত মৃতদেহ উদ্ধাৰ

0 45

শিৱসাগৰ জিলাৰ খনামুখ খুতৰাহাবিৰ ৰাতুল গগৈ(৫২) নামৰ বনকৰ্মীজন বৰহাট ষ্টেচনৰপৰা আমগুৰি ষ্টেচনলৈ আহি আছিল।কিন্তু ব্যক্তিজনৰ মৃতদেহ চেলেংহাট ষ্টেচনত উদ্ধাৰ হয়।

পৰিয়ালৰ লোকে দিয়া অভিযোগ মতে ঘৰলৈ অহাৰ আগদিনা ৰাতি বনকৰ্মীজনক বনাঞ্চলিক বিষয়া ময়ুৰ ভৰদ্বাজে শাৰীৰিকভাৱে প্ৰহাৰ কৰিছিল।

বৰহাটৰপৰাই ঘৰলৈ ফোন কৰি বনকৰ্মীজনে বনাঞ্চলিক বিষয়াজনে প্ৰহাৰ কৰাৰ কথা অবগত কৰাৰ লগতে চিকিৎসা কৰিবলৈ ঘৰলৈ গৈ আছো বুলি জনাইছিল।

পৰিয়ালৰ লোকে বিষয়টো তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আৰক্ষী প্ৰশাসনক দাবী জনায়।

Leave A Reply

Your email address will not be published.