Daily Time Axom

তালিবানৰ ভূমিত পাকিস্তানৰ চাৰ্জিকেল ষ্ট্ৰাইক ! আফগানিস্তানত ৮ জনৰ মৃত্যু

0 32

আফগানিস্তানত সন্ত্ৰাসবাদী আক্ৰমণত ৭ জন পাকিস্তানী জোৱানৰ মৃত্যুৰ পিছত আক্ৰমণ।

পাকিস্তানী সেনাক আক্ৰমণ কৰাৰ পিছতে আফগানিস্তানত চাৰ্জিকেল ষ্ট্ৰাইক আৰম্ভ কৰে পাকিস্তানে। সোমবাৰে পুৱা আফগানিস্তানৰ সীমান্তৱৰ্তী অঞ্চলত পাকিস্তান সেনাই বোমাবৰ্ষণ কৰে। এই আক্ৰমণত কমেও ৮ জন লোকৰ মৃত্যু হয়। তালিবান প্ৰশাসনে কয় যে মৃত লোকসকল আটাইকেইজন মহিলা আৰু শিশু।

আফগানিস্তানৰ সীমান্তত কিয় আক্ৰমণ কৰিলে পাক সেনাই? প্ৰসংগক্ৰমে শনিবাৰে পাকিস্তানত সংঘটিত আত্মঘাতী আক্ৰমণত কমেও ৭জন পাকিস্তানী জোৱানে প্ৰাণ হেৰুৱাইছিল। খাইবাৰ পখতুনখোৱাৰ উত্তৰ ৱাজিৰিষ্টনত সংঘটিত হৈছিল এই আক্ৰমণ। ইয়াৰ পিছতে পাকিস্তানৰ ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীয়ে উগ্ৰপন্থীক কঠোৰ সকীয়নি জাৰি কৰে। সেনা জোৱানৰ অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰি তেওঁ স্পষ্টকৈ কয় যে পাকিস্তানে এই আক্ৰমণৰ প্ৰতিশোধ ল’ব।

ইয়াৰ পিছত পাকিস্তান সেনাই আফগানিস্তানৰ সীমান্তত ধাৰাবাহিকভাৱে বোমা বিস্ফোৰণ আৰম্ভ কৰে। তালিবান প্ৰশাসনৰ সূত্ৰ অনুসৰি পাকিস্তান সেনাই সাধাৰণ নাগৰিকৰ ঘৰত ধাৰাবাহিকভাৱে বোমা নিক্ষেপ কৰি আহিছে। তালিবানৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে এক বিবৃতি প্ৰকাশ কৰি কয় যে পাকিস্তান সেনাই সীমান্তৰ সমীপৰ খোষ্ট আৰু পাক্তিকা প্ৰদেশত বোমাবৰ্ষণ কৰে। স্থানীয় সময় অনুসৰি বিয়লি প্ৰায় ৩ বজাত সংঘটিত হয় এই আক্ৰমণ। বৰ্তমানলৈকে সেই অঞ্চলৰ পৰা ৮ জন লোকৰ মৃত্যু হৈছে। মৃত লোকসকল আটাইকেইজন মহিলা আৰু শিশু। তালিবানৰ বিবৃতিত পাকিস্তানৰ এই আক্ৰমণক তীব্ৰ গৰিহণা দিয়ে।

প্ৰসংগক্ৰমে আফগান সীমান্তত সন্ত্ৰাসবাদীৰ উপস্থিতিয়ে বাৰে বাৰে পাকিস্তানক বিপদত পেলাইছে। ২০২১ চনত আফগানিস্তানত তালিবান অভ্যুত্থানৰ পিছৰে পৰা তালিবান উগ্ৰপন্থীয়ে বাৰে বাৰে পাকিস্তান সীমান্তত আক্ৰমণ চলাই আহিছে। পাকিস্তানৰ সাধাৰণ নিৰ্বাচনৰ সময়তো সীমান্ত অঞ্চল ৰক্তাক্ত হৈ পৰিছিল। অৱশ্যে তালিবান প্ৰশাসনে সন্ত্ৰাসবাদ বিয়পোৱাৰ অভিযোগ বাৰে বাৰে অস্বীকাৰ কৰি আহিছে।

Leave A Reply

Your email address will not be published.