Daily Time Axom

ফুলপানীছিগাত বিহু নাচ আৰু ঢোলবাদন প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠান সম্পন্ন

0 37

শিৱসাগৰ জিলাৰ ইতিহাস বিজড়িত ফুলপানীছিগাৰ নৱসূৰ্য সংঘৰ সৌজন্যত ফুলপানীছিগা খেলপথাৰত অনুষ্ঠিত কৰা দহদিনীয়া বিহুনাচ আৰু ঢোলবাদন প্ৰশিক্ষণৰ আজি সামৰণি অনুষ্ঠান সম্পন্ন হয়।

বিহু প্ৰশিক্ষক নিৰ্মলা দাস আৰু সহযোগীসকলে প্ৰশিক্ষণ দিয়া দহদিনীয়া বিহুৰ কৰ্মশালাত প্ৰায় চল্লিশ গৰাকীয়ে বিহুনাচ আৰু ঢোলবাদনৰ প্ৰশিক্ষণ গ্ৰহণ কৰে।

সামৰণি অনুষ্ঠানত স্থানীয় বহুতো গণ্য মান্য ব্যক্তিৰ লগতে জাঁজীপৰীয়া হুঁচৰি দলৰ স্বত্বাধিকাৰী কুন্তলা কল্যাণী সন্দিকৈয়ে অংশগ্ৰহণ কৰে।

বিহু কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে একেলগে বিহুনাচ আৰু ঢোলবাদন প্ৰদৰ্শন কৰে।প্ৰতি গৰাকী প্ৰশিক্ষাৰ্থীক স্বীকৃতি স্বৰূপে একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয় ।

Leave A Reply

Your email address will not be published.