হোজাই সমষ্টিৰ অন্তৰ্গত ৰাজাগাঁও মণ্ডলৰ সহযোগত ৰাজাগাঁও ৰাজহুৱা প্ৰেক্ষাগৃহত ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কাৰ্যসূচী।হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষৰ উপস্থিতিত কেইবা শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। বিভিন্ন জনগোষ্ঠীৰ লোকে বিভিন্ন দলৰ পৰা আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। উক্ত যোগদান কাৰ্যসূচীত উপস্থিত থাকে হোজাই সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, হোজাই জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অনুপ দেৱ , ৰাজাগাঁও মণ্ডলৰ সভাপতি চিবাংকৰ ভৌমিক সহ অঞ্চলটোৰ বহু কেইজন ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকতা সকল ।