বড়ো জাতিৰ পিতৃপুৰুষ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মদেৱে বড়ো ভাই-ভনীসকলৰ বাবে কৰা ত্যাগ তথা অৱদান উত্তৰ প্ৰজন্মই চিৰদিন স্মৰণ কৰিব৷ বড়োসকলৰ স্বকীয় পৰিচয়ৰ বাবে আজীৱন অহোপুৰুষাৰ্থ কৰা উপেন্দ্ৰনাথ ব্ৰহ্মদেৱৰ আজিৰ এই পৱিত্ৰ জন্মবাৰ্ষিকীৰ দিনটোত চৰকাৰে ছাত্ৰ দিৱস হিচাপে ঘোষণা কৰি তেখেতৰ অমূল্য অৱদানক সামান্য স্বীকৃতি দিয়াৰ প্ৰয়াস কৰিছিলে৷আজিৰ এই দিনটোতে উদযাপন কৰা হ’য় ছাত্ৰ দিৱস,বৰপেটা জিলাৰ সৰভোগৰ ঐতিহ্যমণ্ডিত বৰনগৰ মহাবিদ্যালয়তো ছাত্ৰ দিৱস উদযাপন কৰে,মহাবিদ্যালয়খনৰ প্ৰয়াত অধ্যাপক কাজল কুমাৰ দাস সোঁৱৰণী স্মাৰ্ট শ্ৰেণীকোঠাত ছাত্ৰ দিৱস পালন কৰে,এই কাৰ্যসূচী বৰনগৰ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড° জগদীশ চন্দ্ৰ শৰ্মাই উপেন্দ্ৰনাথ ব্ৰহ্মদেৱৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণৰে আৰম্ভ কৰে,মহাবিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত উপাধ্যক্ষ ৰেজাউল কৰিম আহমেদে ছাত্ৰ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে,ছাত্ৰ দিৱসৰ বিষয় আৰু উপেন্দ্ৰনাথ ব্ৰহ্মদেৱৰ বিষয়ে ইংৰাজী বিভাগৰ অধ্যাপিকা ড° ফেৰীণা বসুমতাৰীয়ে সুন্দৰকৈ ছাত্ৰ-ছাত্ৰীক কিছু আভাস দিয়ে৷