মিছাকৈ অপৰাধী সজোৱাৰ অভিযোগ দৰঙৰ ধূলাৰ মুক্তাৰ হুছেইনৰ।
দুৰ্নীতি নিবাৰক শাখাই জোৰ কৰি হাতত পাউদাৰ সানি অভিযুক্ত সজাইছিল মুক্তাৰক।
যোৱা ২৯ নৱেম্বৰত ধূলা থানাৰ তদানীন্তন ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজয় সন্দিকৈ সহ মুক্তাৰ হুছেইন নামৰ এগৰাকী লোকক দুৰ্নীতি নিবাৰক শাখাই আটক কৰিছিল।
এজন ব্যক্তিৰ পৰা ১ লাখ টকা উৎকোচ লোৱাৰ অপৰাধত ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক আৰু টকা আনি দিয়াৰ অপৰাধত ফাৰ্নিচাৰ ব্যৱসায়ৰ সৈতে জড়িত মুক্তাৰ হুছেইনক আটক কৰিছিল দুৰ্নীতি নিবাৰক শাষা ই।
যোৱা এমাহ মুক্তাৰ হুছেইন জেলত থকাৰ পিছত ডিচেম্বৰৰ ৩০ তাৰিখে জেলৰ পৰা মুক্ত হৈ মুক্তাৰ হুছেইনে নিজকে নিৰপৰাধী বুলি প্ৰমাণ কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ সময়তে ঘটনাস্থলীত CC টিভি প্ৰত্যক্ষ কৰে।
CC টিভিৰ ভিডিও প্রত্যক্ষ কৰি মুক্তাৰে সেয়াই প্ৰমাণ হিচাবে লৈ দুৰ্নীতি নিবাৰক শাখাৰ সেইসকল বিষয়াৰ বিৰুদ্ধে DGP ৰ ওচৰত আবেদন দাখিল কৰে।লগতে ন্যায় বিচাৰি মুখ্যমন্ত্ৰীৰ ওচৰটো আবেদন কৰে।
অৱশ্যে সঠিক তদন্তৰ পিছতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব।