Daily Time Axom

নাওজানৰ বিলপথাৰ ,কৈৰী গাঁৱত ভয়ংকৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী

0 8

ডিজিটেল ডেস্ক :-গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ নাওজানৰ অন্তৰ্গত পশ্চিম নাওজান গাওঁ পঞ্চায়তৰ বিলপথাৰ, কৈৰী গাওঁ আদি অঞ্চল সমূহত সম্প্ৰতি ধনশিৰি নদীৰ গৰাখহনীয়াই ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ জনসাধাৰণক তীব্ৰ ভাবুকিৰ সৃষ্টি কৰিছে।বৰ্তমান ধনশিৰি নদীৰ গৰাখহনীয়াৰ ফলত বিলপথাৰ ,কৈৰী গাওঁ অঞ্চলকে ধৰি বিভিন্ন ঠাইত নদীখনৰ ভৌগোলিক অৱস্থানেই সলনি হৈ পৰিছে।যোৱাবাৰ বাৰিষাৰ সময়ছোৱাত নদীখনৰ পানী ফেনে ফুটুকাৰে বিপদ সীমাৰ ওপৰেৰে বৈ অহাৰ ফলত উক্ত অঞ্চল কেইটাত নদী খনৰ গৰাখহনীয়াই এক কালৰূপ ধাৰণ কৰে। ফলত বহু পৰিয়ালৰ ঘৰ বাৰী, মাটি ভেটি সম্পূৰ্ণ ৰূপে নদীত জাহ যায়।জানিব পৰা মতে অঞ্চল কেইটাত কেবাটাও ৰাজহুৱা অনুষ্ঠানো নদীত জাহ যায়।যাৰ ফলত অঞ্চল কেইটাৰ ক্ষতিগ্ৰস্ত ৰাইজে অন্য বেলেগ ঠাইলৈ গৈ আশ্ৰয় লব লগা এক পৰিবেশ সৃষ্টি হৈছিল।বৰ্তমান গৰাখহনীয়াৰ কবলত পৰা বিলপথাৰ, কৈৰী গাৱঁৰ ৰাইজে নদীখনৰ গৰাখহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা হাতত লবৰ বাবে সাংসদ, মন্ত্ৰী, বিধায়কৰ লগতে পঞ্চায়ত কৰ্তৃপক্ষক বাৰম্বাৰ দাবী জনায় অহাৰ পিছতো বিষয়টোক লৈ তিলমানো কোনেও গুৰুত্ব আৰোপ কৰা নাই বুলি ৰাজহুৱা অভিযোগ উঠিছে। ইফালে বাৰিষা সমাগত।এই বাৰিষাৰ পূৰ্বে নাওজানৰ বিলপথাৰ আৰু কৈৰী গাঁৱত যদি চৰকাৰে ধনশিৰি নদীৰ গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা হাতত নলয় তেন্তে উক্ত অঞ্চল কেইটাত জনসাধাৰণৰ এইবাৰ আৰু অধিক ক্ষয় ক্ষতিৰ সন্মুখীন হোৱাৰ সম্ভাৱনাই প্ৰকট কৰি তুলিছে।

Leave A Reply

Your email address will not be published.