Daily Time Axom

বেংগালুৰু কেফে বিস্ফোৰণৰ গোচৰৰ মূল অভিযুক্তক চিনাক্ত

0 46

বেংগালুৰু কেফে বিস্ফোৰণ গোচৰৰ মূল অভিযুক্তক চিনাক্ত NIAৰ, তেওঁৰ নাম মুছাবীৰ হোছেইন শ্বাহজীৱ। আব্দুল মাথিন তাহাইয়ে তেওঁৰ সংগী হিচাপে কাম কৰিছিল। ১ মাৰ্চত বাংগালুৰুৰ এখন কেফেত বিস্ফোৰণ সংঘটিত হয়। কৰ্ণাটকৰ ১৮টা স্থানত এন আই এৰ তালাচী অভিযান। ৰামেশ্বৰম কেফে বিস্ফোৰণৰ গোচৰৰ মূল অভিযুক্তই আই ই ডি লৈ আহিছিল বুলি এন আই এয়ে জানিবলৈ দিয়ে। সেই সময়ত কেফেখনত থকা বহু লোক এই বিস্ফোৰণৰ ফলত আহত হয়। ইতিমধ্যে কেন্দ্ৰীয় সংস্থাটোৱে এই সন্দৰ্ভত কোনো তথ্য প্ৰদান কৰিলে ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ মতে এই ঘটনা আৰু এটা বৃহৎ সন্ত্ৰাসবাদী সংগঠনৰ মাজত সম্পৰ্ক আছে।

Leave A Reply

Your email address will not be published.