Daily Time Axom

কলেৰাৰ প্ৰাদুৰ্ভাৱ ৰোধৰ বাবে সমগ্ৰ বিশ্বতে এই কাৰ্যসূচী ঘোষণা কৰা হৈছে

0 64

বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বৰ বিভিন্ন দেশত কলেৰাৰ প্ৰাদুৰ্ভাৱ ৰোধৰ বাবে সমগ্ৰ বিশ্বতে কাৰ্যসূচী ঘোষণা কৰিছে। এই কাৰ্যসূচীৰ উদ্দেশ্য হৈছে কলেৰাৰ সঠিক ধৰা পেলোৱা আৰু নিয়মীয়াকৈ চোৱাচিতা আৰু কলেৰা পৰীক্ষাৰ ক্ষমতা বৃদ্ধি কৰা। বিশ্ব স্বাস্থ্য সংস্থাই এক বিবৃতিত কয় যে, “যোৱা দুবছৰৰ পৰা তিনি বছৰ ধৰি বিশ্বৰ বিভিন্ন দেশত কলেৰাৰ প্ৰাদুৰ্ভাৱ দেখা গৈছে।” কলেৰাৰ গ্ল’বেল টেষ্ট প্ৰগ্ৰেম গ্ৰহণ কৰা হৈছে সেইটো নিয়ন্ত্ৰণ কৰিবলৈ। অহা কেইসপ্তাহমানৰ ভিতৰত বিভিন্ন দেশত কলেৰা টেষ্ট কিট আহিব। প্ৰথম অৱস্থাত মালাউই, ইথিওপিয়া, ছোমালিয়া, ছিৰিয়া, জাম্বিয়াকে ধৰি মুঠ ১৪খন দেশলৈ সঁজুলি প্ৰেৰণ কৰা হ’ব।
এই কাৰ্যসূচীত ডব্লিউ এইচ অ’ৰ অংশীদাৰসকলৰ ভিতৰত আছে গ্ল’বেল এলায়েন্স ফৰ ভেকচিন এণ্ড ইমিউনাইজেচন (জি এ ভি আই), ইউনিচেফ আৰু গ্ল’বেল টাস্ক ফ’ৰ্চ অন কলেৰা কণ্ট্ৰ’ল। গাভিৰ এক বিবৃতিত কোৱা হৈছে যে, ‘কলেৰা এক প্ৰকাৰৰ বেক্টেৰিয়াৰ দ্বাৰা হয়, যিটো দূষিত পানী আৰু খাদ্যত বৃদ্ধি পায়। এই ৰোগৰ বাবে প্ৰতি বছৰে লাখ লাখ লোকৰ মৃত্যু হয়। এই মৃতকৰ অধিকাংশই শিশু আৰু নাবালক।” WHO ৰ মতে ২০২২ চনত সমগ্ৰ বিশ্বতে ৪ লাখ ৭৩ হাজাৰ লোক কলেৰাত আক্ৰান্ত হৈছিল। ২০২৩ চনত সেই সংখ্যা প্ৰায় দুগুণ বৃদ্ধি পাই ৭ লাখ হৈছে। চলিত বৰ্ষ ২০২৪ত এই সংখ্যা আৰু বৃদ্ধি পাব পাৰে। আকৌ ২০১৩ চনৰ পৰা ২০২৩ চনলৈ কলেৰাৰ ভেকচিনৰ উৎপাদন আঠগুণ বৃদ্ধি পাইছে। কিন্তু তথাপিও চাহিদাৰ তুলনাত ভেকচিনৰ নাটনি।

Leave A Reply

Your email address will not be published.