পাকিস্তানে তৈয়াৰ কৰিলে PakVac covid-19 vaccine
ডিজিটেল ডেস্ক: মহামাৰী কৰ’ণাক প্ৰতিহত কৰিবৰ বাবে যুজঁ দিছে সমগ্ৰ বিশ্বই।বিশ্বৰ দেশ সমুহে কৰ’নাক ৰোধিব পৰা ভেকচিন তৈয়াৰৰ বাবে পৰীক্ষা নিৰীক্ষা চলাই ভেকচিন তৈয়াৰ কৰিছে।ভাৰতেও ইতিমধ্যে ভেকচিন তৈয়াৰ কৰি উলিয়াইছে।শেহতীয়াকৈ পাকিস্তানেও তৈয়াৰ কৰি উলিয়াইছে এবিধ বিশেষ ভেকচিন।যাক PakVac covid-19 vaccine নামেৰে নামাকৰণ কৰিছে।কিন্তু উল্লেখযোগ্য যে বৰ্তমান সময়ত এই ভেকচিন বিধে ভাইৰাছবিধক প্ৰতিহত কৰাত কেনেধৰণৰ ভূমিকা গ্ৰহণ কৰিব সেয়া স্পষ্ট হোৱা নাই ।পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ স্বাস্থ্যৰ বিশেষ সহায়ক হিচাপে থকা ডা° ফে’চল চুলতান আৰু নেচনেল কামাণ্ড এণ্ড অপাৰেচন চেক্টৰ প্ৰমুখ অচড ওমৰে মঙলবাৰৰ দিনটোত এই ভেকচিন বিধ মুকলি কৰি দেশত অতি শীঘ্ৰে এই মহত্বপূর্ণ ঔষধ বিধ প্ৰয়োগৰ আৰম্ভণি কৰিব বুলি ঘোষণা কৰে।লগতে কৰ’ণাৰ আৰম্ভণি হোৱাৰে পৰা চুবুৰীয়া দেশ চিনে পাকিস্তানক সহায় কৰি অহাৰ পিছত এই ভেকচিন তৈয়াৰ ক্ষেত্ৰতো বন্ধুবৰ চিনে সহায় আগবঢ়াইছে বুলি সদৰি কৰিছে।