Daily Time Axom

বৰক্ষেত্ৰীত চৰকাৰী শিক্ষকে নিজ গৃহত খুলিছে ব্যক্তিগত বিদ্যালয়

0 45

এগৰাকী চৰকাৰী শিক্ষকে নিজ গৃহতে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয় স্থাপন কৰি দিনটোৰ বেছিভাগ সময় তাতেই ব্যস্ত থকাৰ পিছতো শিক্ষা বিভাগে শিক্ষকগৰাকীৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্রহণ নকৰাত সমগ্ৰ বৰক্ষেত্ৰী অঞ্চলতে প্রতিক্রিয়াৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি বৰক্ষেত্ৰীৰ কুটনিকুছিৰ ফুলচান্দ আলী আহমেদ নামৰ শিক্ষকগৰাকীয়ে ২০২২-২৩ বৰ্ষত নিজ গৃহতে স্থাপন কৰিছে ‘নেচনেল পাব্লিক স্কুল’ নামৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠান। উল্লেখ্য যে মধ্য ভাংনামাৰী মিলন হাইস্কুলৰ বিজ্ঞান শিক্ষক হিচাপে কৰ্মৰত ফুলচান্দ আলী আহমেদ এগৰাকী চৰকাৰী বেতনধাৰী হৈও তেওঁৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয়খনৰ প্ৰতিহে গুৰুত্ব দি অহাৰ সৰ্বত্ৰ অভিযোগ উত্থাপন হৈছে । আনহে নালাগে এইগৰাকী শিক্ষকে তেওঁৰ ফেছবুক একাউণ্টৰ জৰিয়তেও তেওঁৰ নিজৰ ব্যক্তিগত বিদ্যালয়খনত নামভর্তি কৰা, শিক্ষক-শিক্ষয়িত্রী বিচৰাৰ লগতে বিদ্যালয় সম্পৰ্কীয় বিভিন্ন প্রচাৰৰ বাবে ফেচবুকত প’ষ্ট দিয়াক লৈও সমগ্র অঞ্চলটোত প্রতিক্রিয়াৰ সৃষ্টি হৈছে। চৰকাৰী নীতি- নির্দেশনাক আওকাণ কৰি ডাইচ ক’ড অবিহনেই চলাই আছে এই বিদ্যালয়খন। সেয়েহে এই ক্ষেত্রত বিভাগীয়ভাৱে শিক্ষকগৰাকীৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্রহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

Leave A Reply

Your email address will not be published.