কচুৱাৰ জুৰিৰপাৰত মছজিদৰ দানপাত্রত চোৰৰ চাফাই অভিযান ।
চোৰৰ চকু এইবাৰ মছজিদৰ দানপাত্রত। মছজিদৰ দানপাত্র ভাঙি চুৰে লুটি নিলে নগদ ধন।
নগাঁৱৰ কচুৱাৰ জুৰিৰপাৰত সংঘঠিত হৈছে এই চুৰিকাণ্ড।
গাঁওখনৰ দুখন মছজিদৰ দানপাত্র ভাঙি নিশা চুৰে চুৰি কৰি নিলে প্ৰায় বিশ হাজাৰকৈ টকা।
পুৱাই স্থানীয় লোকে মছজিদৰ দানপাত্র ভঙা অৱস্থাত প্ৰত্যক্ষ কৰে।
আগতেও সঘনাই গাঁওখনত চুৰে সংঘটিত কৰি আহিছে চুৰিকাণ্ড ।
মছজিদৰ দানপাত্রত চুৰিকাণ্ড সংগঠিত হোৱাত অঞ্চল জুৰি তীব্ৰ প্রতিক্রিয়াৰ সৃষ্টি হৈছে।