মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত লেংৰিবৰী প্ৰাথমিক বিদ্যালয়ত ৬৬ তম জয়ন্তী উদযাপনৰ প্ৰস্তুতি পূৰ্ন গতিত চলি আছে। উদযাপন সমিতিয়ে জানিব দিয়া মতে অহা মে মাহৰ ১৮ আৰু ১৯ তাৰিখে বিদ্যালয় খনৰ ৬৬ তম জয়ন্তী উদযাপন কৰা হব। বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মৰিগাঁও জিলাৰ জিলা আয়ুক্ত দেবাশীস শৰ্মা, মৰিগাঁও জিলাৰ শিক্ষা বিষয়া,বিধায়ক আছিফ মহম্মদ নাজাৰ উপস্থিত থাকিব। সাংস্কৃতিক অনুষ্ঠানত মুখ্য আকৰ্ষক হিচাপে উপস্থিত থাকিব গালিব ৰাজ, বৰ্নালী পাঠক, মানিক চান্দৰ লগতে মৰিগাঁও জিলাৰ জনপ্ৰিয় উদীয়মান গায়িকা ৰুনুমনি বেগম।
ইয়াৰ উপৰিও সাংস্কৃতিক অনুষ্ঠানত চৰাইবাহী সোনাইপৰীয়া আন্চলিক বিহুদলৰ বিহু নৃত্য প্ৰদৰ্শনৰ লগতে তিৱা জনগোষ্ঠীয় লোকনৃত্য প্ৰদৰ্শিত হ’ব।।
নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব মৈৰাবাৰী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড০ অংশুমান দাস, দোৰাবান্দী হাইস্কুলৰ বিশিষ্ট শিক্ষক জুলহাস উদ্দীন আহমেদৰ লগতে অৱসৰ প্ৰাপ্ত অধ্যাপক দিনেশ চন্দ্ৰ নাথ। উদযাপন সমিতিৰ সভাপতি আনিচুৰ ৰহমানে সমুহ ৰাইজক দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা জয়ন্তী উত্সৱত উপস্থিত থাকি অনুষ্ঠান টি সাফল্য মন্ডিত কৰিবলৈ আহ্বান জনায়।।