Daily Time Axom

ব্ৰিটেইনক আক্ৰমণ কৰাৰ ভাবুকি ৰাছিয়াৰ

0 42

ইউক্ৰেইনত ব্ৰিটিছ অস্ত্ৰ ব্যৱহাৰ কৰি ৰাছিয়াৰ ভূখণ্ড আক্ৰমণ কৰিলে ব্ৰিটিছৰ লক্ষ্যত প্ৰত্যক্ষ আক্ৰমণৰ প্ৰতিশোধ লোৱাৰ হুংকাৰ দিছে ৰাছিয়াই।
বৃহস্পতিবাৰে ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাৰিয়া জাখাৰোভাই এই ভাবুকি প্ৰদান কৰে। তেওঁ কয় যে এনে পৰিস্থিতিত ইউক্ৰেইনৰ ভূখণ্ড আৰু ইয়াৰ সীমান্তৰ বাহিৰত ব্ৰিটিছৰ লক্ষ্য আক্ৰমণ কৰিব পৰা যাব।
চলিত মাহৰ আৰম্ভণিতে ব্ৰিটিছ বৈদেশিক মন্ত্ৰী ডেভিদ কেমেৰনে কৈছিল যে ইউক্ৰেইনে ইচ্ছা কৰিলে ব্ৰিটিছ অস্ত্ৰ ব্যৱহাৰ কৰি ৰাছিয়াৰ ভিতৰত আক্ৰমণ কৰিব পাৰে। তেওঁৰ এই ঘোষণাৰ পিছত মস্কোৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আনকি পুটিনে নতুনকৈ আৰম্ভ হোৱা পাৰমাণৱিক অনুশীলনৰ অন্যতম কাৰণ হিচাপে কেমেৰনৰ বক্তব্য আগবঢ়াইছিল।

Leave A Reply

Your email address will not be published.