ঘূৰ্ণীবতাহ আৰু বৰষুণৰ ফলত খুলি দিয়া হৈছে কাৰ্বিলাংপী জলবিদ্যুত প্ৰকল্পৰ চাৰিখনকৈ গেট ৷
যাৰ ফলত হুৰাহুৰাই বাঢ়িছে বৰপানী নদীৰ জলপৃষ্ঠ।
পানীৰ সোঁতে উঠোবাই নিলে শিঙিমাৰী বজাৰ পাৰ ঘাটৰ বাহৰ দলং।
বৰপানী নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত নগাঁও জিলাৰ কচুৱাৰ লংজাপ জুৰিৰপাৰ,শিঙিমাৰী আদি অঞ্চলত ঘৰ-দুৱাৰে সোমাইছে পানীয়ে।
আনহাতে জুৰিৰপাৰ মাধৱপাৰা গড়কাপ্তিনী পথৰ ওপৰেদি বাগৰিছে পানী । শংকিত নৈ পৰীয়া ৰাইজ ৷