Daily Time Axom

টীয়কৰ হাঁহচৰা চূড়ামণি গাঁৱৰ মূলপথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে পথাচাৰীক

0 31

যি সময়ত দেশত বিকাশৰ গংগা বৈছে বুলি ৰজাঘৰীয়াই শ্ল’গান দিছে সেই সময়ত প্ৰকৃততে বিকাশ কেনেদৰে আহিছে তাৰ এখন ছবি আমি তুলি ধৰিছো টীয়ক সমষ্টি জাঁজী হাঁহচ’ৰা চূড়ামণি গাঁৱৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী মূল পথটোৰ দুৰৱস্থাৰ উদঙাইছে বিকাশৰ প্ৰকৃত ছবি ৷ এই বৃহত্তৰ অঞ্চলটোৰ বহিঃজগতৰ লগত যোগাযোগৰ একমাত্ৰ সম্বল ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা চুড়ামণি গাঁও হৈ ললিত চন্দ্ৰ ৰাজখোৱা পথৰ লগত সংযোগী এই পথটোৰ বাবে আজি বছৰ বছৰ ধৰি জীয়াতু ভোগী আহিছে এই সকল গাঁওবাসীয়ে।নিৰ্বাচন আহিছে নিৰ্বাচন গৈছে প্ৰতিটো নিৰ্বাচনতেই একে প্ৰতিশ্ৰুতি পথটো হ’ব ৷ কিন্তু কোনো এখন চৰকাৰৰ দিনতেই পথচোৱাৰ উন্নতিৰ নামত একো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ বিধায়িকা,সাংসদক অনুৰোধ কৰি কৰি ভাগৰি পৰিল এই সকল ৰাইজ,আজিও নহ’ল একো সু-ব্যৱস্থা। সেয়ে কিনকিনিয়া বৰষুণ নেওচি সকলো ৰাজপথলৈ ওলাই আহি অনতি পলমে যাতায়ত সুচল কৰি দিবলৈ উৰ্ধতম কৰ্তৃপক্ষক আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.