চহৰখনত অভাৱনীয় হাৰত বৃদ্ধি পাইছে ই-ৰিক্সাৰ সংখ্যা…
শিৱসাগৰ চহৰখনত প্ৰয়োজনতকৈ অধিক ই-ৰিক্সা বৃদ্ধি হোৱাত সমস্যাত পৰিছে টেম্পু তথা বিক্ৰম চালকসকল। ই-ৰিক্সাৰ বিৰুদ্ধে প্ৰতিবাদ টেম্পু তথা বিক্ৰম চালক সকলৰ। চহৰখনত অবৈধ ভাৱে চলাই আহিছে শ-শ ই-ৰিক্সা। ইয়াৰ পিছতো শিৱসাগৰ জিলা পৰিৱহণ বিভাগ অথবা প্ৰশাসনে কোনো পদক্ষেপ নোলোৱাত আজি টেম্পু তথা বিক্ৰম চালকসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে | শিৱসাগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি সাব্যস্ত কৰে এই প্ৰতিবাদ। অবৈধ ই-ৰিক্সা চলাচল বন্ধ কৰক, পৰিবহণ বিষয়াই কমিছন লোৱা বন্ধ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে। ইয়াৰ উপৰিও বহু ই-ৰিক্সাৰ কোনো নথি-পত্ৰ নথকা কৈয়ে চলাই থকা, এটা নম্বৰত কেইবাখনো ই-ৰিক্সা চলোৱা অভিযোগো উত্থাপন কৰে বিক্ৰম চালকসকলে। আনহাতে শীঘ্ৰেই এই দাবীসমূহ পূৰণ নকৰিলে চহৰখনত ৰাজহুৱা সেৱা আগবঢ়াই থকা পৰিবহণ বিভাগক সকলো টেম্পু তথা বিক্ৰম চমজাই দিয়া হ’ব বুলিও হুংকাৰ দিছে টেম্পু চালক সকলে |