Daily Time Axom

চৰকাৰে চম্পাৱতী নৈত নিৰ্মাণ কৰা শিলৰ বান্ধে এতিয়া বিপদ মাতিছে দাঁতি-কাষৰীয়া গাঁৱত

0 22

ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰৰ অন্তৰ্গত জালিকুৰা গাঁৱৰ গাতে লাগি থকা চম্পাৱতী নৈত কেই বছৰ মান পূৰ্বে শিলৰ বান্ধ নিৰ্মাণ কৰিছিল। দিন উকলি যোৱাৰ লগে লগে শিলৰ বান্ধৰ শিলবোৰ লাহে লাহে চম্পাৱতী নৈত জাহ গৈ আছে ফলত দাঁতি-কাষৰীয়া গাঁৱৰ ৰাইজৰ নিদ্ৰাহৰণ হৈ গৈ আছে। বাৰিষাৰ প্ৰাক মূহুৰ্তত এতিয়া চিন্তিত হৈ পৰিছে গাঁওবাসীয়ে। পূৰ্বতেও হাজাৰ হাজাৰ বিঘা কৃষিভূমি চম্পাৱতী নৈত জাহ গৈছিল যদিও শিলৰ বান্ধ দিয়াৰ পিছত গাওঁবাসীয়ে অলপ আশাৰ ৰেঙনি দেখিছিল কিন্তু নিম্নমানৰ কাম কৰাৰ বাবে এতিয়া পুনৰ বিপদৰ আগজাননী পাই আছে বুলি মন্তব্য প্ৰদান কৰে গাঁৱৰ ৰাইজে। জিলা প্ৰশাসন আৰু বিভাগীয় কতৃপক্ষক উক্ত বান্ধ বোৰ পুনৰ মেৰামতি কৰিবলৈ অনুৰোধ জনায় স্থানীয় ৰাইজে।

Leave A Reply

Your email address will not be published.