Daily Time Axom

চেলেংহাটস্থিত শ্ৰীশ্ৰীকৰ্দৈগুৰি সত্ৰৰ বুলনি চ’ৰা উন্মোচন

0 31

১৬৩৮ চনত প্ৰতিষ্ঠা লাভ কৰা চেলেংহাটস্থিত শ্ৰীশ্ৰীসুনন্দদেৱ স্থাপিত শ্ৰীশ্ৰীকৰ্দৈগুৰি সত্ৰৰ বুলনি বাট চ’ৰা ভাগি আজি এক আধ্যত্মিক পৰিবেশত আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। চাৰিং জকাই সত্ৰৰ লৰি অধিকাৰ গিৰীশ চন্দ্ৰ মহন্ত উন্মোচক হিচাপে উপস্থিত থাকি উক্ত বাটচ’ৰা অনুষ্ঠানটি এগছি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে। তিতাবৰ নাহৰখাট সত্ৰৰ সত্ৰীয়া মাধৱ চন্দ্ৰ মহন্তই আঁত ধৰা উক্ত বাট চ’ৰা উন্মোচন অনুষ্ঠানত শিৱসাগৰ কুজিবালি হাঁহচৰা খাটপাৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ বিপিন চন্দ্ৰ মহন্ত বিশেষভাৱে উপস্থিত থাকি সহযোগিতা আগবঢ়োৱাৰ লগতে উন্মোচনৰ পাছতে মূল সত্ৰৰ নামঘৰত অনুষ্ঠিত নাম প্ৰসংগৰ পৰিচালনা কৰে। উক্ত নাম প্ৰসংগত অঞ্চলৰ বহুসংখ্যক ভকত বৈষ্ণৱৰ লগতে সত্ৰৰ শিষ্যসকল উপস্থিত থাকি অনুষ্ঠানটি অধিক জীপাল কৰি তোলে। লগতে উক্ত সত্ৰলৈ অহা যোৱাৰ একমাত্ৰ পথটোৰ কদৰ্যময় পথটি অনতি পলমে মেৰামতি কৰি ভকত বৈষ্ণৱক সুবিধা প্ৰদান কৰি দিবলৈ উৰ্ধতম কৰ্তৃপক্ষক উক্ত পবিত্ৰ স্থানৰে পৰা সকলোৱে আহ্বান জনায়।

Leave A Reply

Your email address will not be published.