সদৌ অসম মধ্য ইংৰাজী শিক্ষক সন্থাৰ বঙাইগাঁও জিলা সমিতিৰ চতুৰ্দশ দ্বি-বাৰ্ষিক অধিবেশনখন এদিনীয়া কাৰ্যসূচীৰে জিলাখনৰ বঙাইগাঁও মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। অতি পলমকৈ পোৱা তথ্যমতে উক্ত দিনা ৰাতিপুৱা সন্থাৰ পতাকা উত্তোলন কৰে জিলাৰ সভাপতি ভোলা সিঙে আৰু বন্তি প্ৰজ্বলন কৰে জিলা সম্পাদক নাৰায়ণ দেৱ নাথে । ইয়াৰ পিছতেই শ্বহীদ বেদীত মাল্যৰ্পণ কৰে কেন্দ্ৰীয় সদস্য ধনঞ্জয় দাসে। আৰু জিলা সভাপতি ভোলা সিঙৰ সঞ্চালনাত প্ৰায় শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা প্ৰতিনিধি আৰু বিষয় বাচনি সভাখন অনুষ্ঠিত হয়।সভাই কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে সভাপতি হিচাপে ধনঞ্জয় দাসক আৰু জিলা সম্পাদক হিচাপে নাৰায়ণ দেৱ নাথক নিৰ্বাচিত কৰি জিলা সমিতিখন গঠন কৰে । ইয়াৰ পিছতে নৱ-নিৰ্বাচিত জিলা সভাপতি ধনঞ্জয় দাসৰ সঞ্চালনাত অনুষ্ঠিত হোৱা মুকলি সভাত বঙাইগাঁও জিলা বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শক দেৱান আব্দুৰ ৰহমান আৰু ৰাজ্যিক উপ-সভাপতি ৰঞ্জিত কলিতা আদিয়ে অংশগ্ৰহণ কৰি সাৰুৱা ভাষণ দিয়ে বুলি বাতৰিটোত প্ৰকাশ।
*বঙাইগাঁৱ পৰা প্ৰফুল্ল কুমাৰ দাস।*