চনু চুডক লগ পাবলৈ খালী ভৰিৰে খোজকাঢ়ি মুম্বাই পালেগৈ হায়দৰাবাদৰ কিশোৰ
ডিজিটেল ডেস্ক:– বলিউডৰ জনপ্ৰিয় অভিনেতা চনু চুডৰ মহানুভৱতাৰ কথা আমি পুনৰ নকলেও হ’ব।সেয়া সকলোৰে অৱগত।দৰিদ্ৰ অসহায় লোকসকলৰ বাবে চনু চুড ভগৱানস্বৰূপ।সততে দুখীয়া নিচলাৰ কাষত সহায়কাৰী ভগৱান হিচাপে থিয় দিয়া চনু চুডক কাষত লগ পোৱাৰ হেঁপাহ প্ৰায় সংখ্যক লোকেই পুহি ৰাখে।ঠিক তেনেদৰেই তেখেতক কাষত পাবলৈ হেপাঁহ কৰা এজন ল’ৰা হ’ল ভেংকটেশ।হায়দৰাবাদৰ কিশোৰ ভেংকটেশে চনু চুদক লগ পোৱাৰ সাংঘাতিক হেপাঁহতে কৰিলে এক আচৰিত কাণ্ড।চনু চুডক সাংঘাতিক ভালপোৱা এই অনুৰাগী কিশোৰ জনে দেশৰ এনে অস্বাভাৱিক পৰিস্থিতিতো তেখেতক লগ পাবলৈ কাৰোৰে হকা বাধা নামানি মুম্বাইলৈ যাত্ৰা কৰিলে।কিন্তু অনুৰাগী কিশোৰ জনে কোনো বাহনৰ অবিহনে খোজেৰে কৰিছিল এই বিশেষ যাত্ৰাটো।প্ৰায় ৭০০ কিলোমিটাৰ খোজেৰে খালী ভৰিৰে কৰা যাত্ৰাৰ অন্তত প্ৰিয় অভিনেতা চনু চুডক লগ ধৰে।অনুৰাগী কিশোৰ জনে যাত্ৰাৰ পথত হাতত লৈ গৈছিল চনু চুডৰ ফটো সহিতে এখন বিশেষ ফলক।উল্লেখযোগ্য যে বৃহস্পতি বাৰে সামাজিক মাধ্যমত অভিনেতা চনু চুডে উক্ত কিশোৰ জনৰ সহিতে ফটো শ্বেয়াৰ কৰি তেওঁৰ বিষয়ে অৱগত কৰে।