Daily Time Axom

আদৰ্শ গাঁওৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ

0 31

নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ এখন আদর্শ গাঁৱৰ এশ এবুৰি সমস্যাই সচেতন ৰাইজৰ চকু কপালত তুলিছে ৷ উল্লেখ্য যে সমষ্টিটোৰ অধীনৰ ৫৫ নম্বৰ বর্ণিবাৰী-নপ্তিপাৰা গাঁও পঞ্চায়তৰ বর্ণিবাৰী গাঁওখন আদর্শ গাঁও হিচাপে স্বীকৃতি লাভ কৰিছে যদিও আজিও ভিন্ ভিন্ সমস্যাত ভাৰাক্ৰান্ত বর্ণিবাৰীৰ ৰিজার্ভবাসী ৷ একমাত্ৰ যাতায়তৰ দুৰৱস্থাৰ হেতুকে বর্ণিবাৰীৰ ৰিজার্ভলৈ বাহিৰৰ লোক যাবলৈ অনীহাবোধ কৰে ৷ চৰকাৰী বিষয়া,চিকিৎসাৰ বাবে চিকিৎসক পর্যন্ত উক্ত ৰিজার্ভলৈ যোৱাৰ ইচ্ছা প্ৰকাশ নকৰে ৷ চৰকাৰৰ এম জি এনৰেগাৰ পথ নির্মাণ-মেৰামতি আঁচনিয়ে বর্তমানেও অঞ্চলটোক ঢুকি নোপোৱাত আহ-যাহৰ ক্ষেত্ৰত লোক সকলে চৰম যন্ত্ৰনা ভূগি আহিছে ৷ আনহাতে এই বাৰিষাৰ দিনত কণ কণ ছাত্ৰ-ছাত্ৰী সকলৰ বিদ্যালয়লৈ যোৱাটো বন্ধ হৈ পৰে ৷ উল্লেখ্য যে ৰিজার্ভখনৰ কিছু কিছু ঠাইত পঞ্চায়তৰ জৰিয়তে মাটি ছটিওৱা হৈছিল যদিও যাতায়তৰ ক্ষেত্ৰত সুচল হৈ নুঠিল ৷ পৰিতাপৰ বিষয় যে ৰিজার্ভখনৰ প্ৰতিটো পথতেই একাঠু বোকা-পানী হৈ পৰাত অঞ্চলটোৰ কোনোবা লোক টান নৰিয়াত পৰিলেও চিকিৎসক যাব নোৱাৰা অৱস্থা হৈ পৰিছে ৷ ইয়াৰ ফলত ৰোগীৰ অৱস্থা সংকটজনক হৈ পৰে ৷ জানিব পৰা মতে ৰিজার্ভখনত বর্ণিবাৰী গাঁৱৰ পঞ্চাশটাতকৈও অধিক ভূমিহীন পৰিয়ালে পঁচিশ-ত্ৰিশ বছৰ ধৰি বসবাস কৰি আছে ৷ প্ৰতিবাৰেই তেওঁলোকক ৰাজনৈতিক নেতা সকলে নির্বাচনৰ সময়ত বিভিন্ন প্ৰলোভন দি ভোট সমূহ আদায় কৰি পাছত সকলো দুখ দুর্দশা পাহৰি যায় ৷ আনকি তেওঁলোকৰ আজিলৈকে হৈ নুঠিল চৰকাৰী পট্টাৰ কাম ৷ পৰিয়ালসমূহে নিতৌ বাটকুৰি বাইও এই ক্ষেত্ৰত আজিলৈকে সুফল নাপালে ৷ ইয়াৰোপৰি ৰিজার্ভবাসীৰ এটি পৰিয়ালেও বর্তমানলৈকে লাভ কৰা নাই অনাময় শৌচাগাৰ ৷ ৰিজার্ভৰ বাসিন্দা পূর্ণিমা দাস (স্বামী-ধনমুন দাস,মিস্ত্ৰী),কল্পনা দাস (স্বামী-বিজয় দাস,দিন-হাজিৰা),চুমি দাস (স্বামী-কমল দাস,মিস্ত্ৰী),পুতু দাস (স্বামী-চন্দন দাস,মিস্ত্ৰী),চুমিনাৱাৰা বেগম (স্বামী-মকবুল আলী,মিস্ত্ৰী),মইনা বিবি (স্বামী-৺মকচেদ আলী),চুফিয়া বিবি (স্বামী-চামচুল আলী,ব্যৱসায়ী),অঞ্জলী দাস (স্বামী-ভাস্কৰ দাস,দিন-হাজিৰা),মাইনা দাস (স্বামী-ধীৰেন দাস,ব্যৱসায়ী),বন্দনা দাস (ৰাজীৱ দাস,দিন-হাজিৰা)কে ধৰি অঞ্চলটোৰ অধিকাংশ মহিলা অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈ আছে ৷ লগতে কেইবাটাও পৰিয়ালৰ নাই বিনামূলীয়া ৰেচন কার্ড ৷ আদর্শ গাঁৱখনৰ এই ৰিজার্ভবাসীৰ সমস্যা কেতিয়ালৈ আতৰিব ইয়াক লৈ প্ৰতিটো পৰিয়ালে চিন্তিত হৈ পৰিছে ৷ বিশেষকৈ স্থানীয় লোক সকলে পথটো মেৰামতি কৰি স্কুলীয়া ছাত্ৰ-ছাত্ৰী সকলৰ লগতে চিকিৎসাৰ ক্ষেত্ৰত উদ্ভৱ হোৱা দীর্ঘদিনীয়া সমস্যা দূৰ কৰাৰ বাবে আহ্বান জনাইছে ৷

Leave A Reply

Your email address will not be published.