Daily Time Axom

মৈৰাবাৰীত পুনৰ ছয়বছৰীয়া শিশু পুখুৰীত পৰি সলিল সমাধি

0 28

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ হাতীমূৰীয়া গাঁৱৰ বিল্লাল হুছেইনৰ ছয় বছৰীয়া পুত্ৰ আকিবুৰ ৰহমানে অবৈধ ইটাবভাটাৰ
মাটি খন্দা পুখৰীত পৰি সলিল সমাধি ঘটে। ইটাভাটাৰ নাই কোনো বৈধ নথি-পত্ৰ। চৰকাৰী বিল তথা চৰকাৰী মাটিত জধেমধে মাটি খান্দি বৃহৎ পুখুৰী বনোৱাত প্ৰশাসনক বাৰম্বাৰ দাবী জনোৱোত কোনো গুৰুত্ব নিদিয়াত আজি এই কণমানি শিশুটো মৃত্যুক সাৱটি ল’ব লগা হৈছে। কণমানি শিশুটি ঘৰৰ পৰা খেলিবলৈ যোৱাত ওচৰত থকা দ পুখুৰীত পৰি সলিল সমাধি ঘটে। বৰ্তমান মৈৰাবাৰীৰ চিকিৎসাল‌য়ৰ পৰা মৰোনোত্তৰ পৰিক্ষাৰ বাবে মৰিগাঁৱলৈ প্ৰেৰণ কৰিছে। ইফালে ধিং মৈৰাবাৰী এছ ডি এফ আৰ বাহিনীক এই সন্দৰ্ভত যোগাযোগ কৰাত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে।

Leave A Reply

Your email address will not be published.