ডিজিটেল ডেস্ক : গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ টেঙানি অঞ্চলৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ অবৈধ চুলাই মদৰ ঘাটি ব্যাপক ৰূপত গঢ় লৈ উঠিছে । বিগত কিছু দিন ধৰি মহকুমাটোৰ বৰপথাৰ আৰক্ষীয়ে গাঁওৰক্ষী বাহিনী আৰু গাওঁবুঢ়াৰ সহযোগত টেঙানীৰ হুৰসুৰী ,কেঁকুৰী, কথবিল ,আলিছিগা আদি বিভিন্ন স্থানত এক অভিযান চলাই বহু অবৈধ চুলাই ঘাট উৎখাত কৰি হাজাৰ হাজাৰ লিটাৰ চুলাই মদ নষ্ট কৰিছে।
১৬ জুনতো ধনশিৰি মহকুমাৰ আবকাৰী বিভাগৰ বিষয়া কৰ্মচাৰী সকলৰ অৰ্কমণ্যতা উদঙাই ধনশিৰি মহকুমাত নতুনকৈ যোগদান কৰা মহকুমা আৰক্ষী বিষয়া ত্ৰিনয়ন ভূঞাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে টেঙানি অঞ্চলত পুনৰ অভিযান চলাই দুই নৈ মুখ আৰু মিছিং গাঁওৰ পৰা কেবা হাজাৰ লিটাৰ অবৈধ চুলাই মদ উদ্ধাৰ কৰি নষ্ট কৰাৰ লগতে চাৰিটাকৈ অবৈধ মদৰ ঘাটি উৎখাত কৰে ।
উল্লেখযোগ্য যে , বৰপথাৰ থানাৰ অন্তৰ্গত টেঙানিত শেহতীয়াকৈ অবৈধ ভাৱে বহু চুলাই মদৰ ঘাটি গঢ় লৈ উঠাৰ ফলত অঞ্চলটোত শৈক্ষিক, সামাজিক পৰিবেশ প্ৰায় বিনষ্ট হবলৈ লোৱা বুলি দীৰ্ঘদিন ধৰি এক অভিযোগ উঠি আহিছিল।অভিযোগটোৰ মতে টেঙানি অঞ্চলত বিভিন্ন সময়ত অনৈতিক কাৰ্য কলাপো সংঘটিত হৈছিল । নৱ নিযুক্ত মহকুমা আৰক্ষী বিষয়া জনে মহকুমাটোৰ টেঙানি অঞ্চলত চলি থকা সকলো অনৈতিক কাৰ্য কলাপ সমূহৰ পৰা বৃহত্তৰ সমাজখন নিকা কৰাৰ স্বাৰ্থত এনে অভিযান অব্যাহত থাকিব বুলি উল্লেখ কৰিছে।