Daily Time Axom

প্ৰভাসৰ নামত দিশাৰ টেটু,ৰণবীৰক লৈ আপ্লুত প্ৰশিক্ষক শিৱম

0 20

দিশা পাটানি আৰু প্ৰভাসৰ সম্পৰ্কৰ চৰ্চা অব্যাহত আছে বলীউডৰ ভিতৰ চ’ৰাত । জল্পনা-কল্পনা চলি আছে বহুতৰ মনত । কিন্তু এই বিষয়ত এতিয়ালৈকে দুই তাৰকাৰ কোনো এজনেও মুখ মেলিব পৰা নাই। কিন্তু দিশাৰ টেটুৱে এই জল্পনা-কল্পনাৰ ইন্ধন যোগাইছে। পাপাৰাজীৰ কেমেৰাই দিশাৰ হাতত ধৰা পেলালে পিডি টেটু। এই ছবিখন ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ লগে লগে নেটিজেনসকলে দাবী কৰে যে দিশাৰ টেটুত দুয়োজনৰে আৰম্ভণিৰ আখৰ।

শেহতীয়াকৈ মুম্বাইৰ সংবাদ মাধ্যমৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অভিনেতাগৰাকীৰ ফিটনেছ প্ৰশিক্ষক শিৱমে প্ৰথমবাৰৰ বাবে ৰণবীৰ কাপুৰৰ ছিক্স পেকৰ লগতে ‘এনিমেল’ ছবিখনৰ বাবে ১ বছৰত ১০-১২ কেজি ওজন বৃদ্ধি কৰাৰ বিষয়ে মুকলিকৈ কয় । তেওঁৰ ভাষাত “ৰনবীৰৰ ইমান কম সময়ৰ ভিতৰতে এই পৰিৱৰ্তন কৰিবলৈ প্ৰয়োজনীয় মানসিক প্ৰস্তুতি সদায় আছে। তেওঁৰ কৰ্মৰ প্ৰতি যি আগ্ৰহ আছে তাত মই আপ্লুত হৈছো। মই আন্তৰিকতাৰে আশা কৰিছো যে ভৱিষ্যতে তেওঁৰ কাম দৰ্শকে ভাল পাব।” .”

Leave A Reply

Your email address will not be published.