Daily Time Axom

টেঙানিত উন্মুক্ত বিদ্যুৎ ট্ৰেন্সফৰ্মাৰত লাগি পশুধনৰ মৃত্যু ।

0 9

ডিজিটেল ডেস্ক :-ধনশিৰি মহকুমাৰ বৰপথাৰ বিদ্যুৎ উপসংমণ্ডল কাৰ্যালয়ৰ অন্তৰ্গত ২ নং টেঙানিত আজি পুৱাৰ ভাগত হাবি জংঘলেৰে আৱৰি ধৰা এটা উন্মুক্ত বিদ্যুৎ ট্ৰেন্সফৰ্মাৰত লাগি এটা পশুধনৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছে। ২নং টেঙানীৰ এল পি স্কুল খনৰ নিচেই সমীপত হাবি জংঘলৰ মাজত অতি বিপদজনক ভাৱে থকা উক্ত উন্মুক্ত ট্ৰেন্সফৰ্মাৰটো বেৰা দিয়াৰ ব্যৱস্থা হাতত লবলৈ স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আজি বহু দিনৰ পৰা সৰৱ দাবী জনাই আহিছে যদিও বিভাগটোৰ বিষয়া কৰ্মচাৰী সকলে অলপো গুৰুত্ব নিদিয়াৰ এক গুৰুতৰ অভিযোগ উঠিছে। স্থানীয় ৰাইজে বিভাগটোৰ বিষয়া কৰ্মচাৰী সকলৰ চূড়ান্ত হেমাহি তথা অৱহেলাৰ বাবেই আজি উন্মুক্ত বিদ্যুৎ ট্ৰেন্সফৰ্মাৰটোত লাগি এনেদৰে পশুধনৰ মৃত্যু হবলৈ পাইছে বুলি অভিযোগ কৰিছে।ইফালে বছৰ বছৰ ধৰি হাবি জংঘলৰ মাজত কোনো বেৰা নিদিয়াকৈ উন্মুক্ত অৱস্থাত থকা উক্ত বিদ্যুৎ ট্ৰেন্সফৰ্মাৰটোৰ নিচেই কাষতে থকা প্ৰাথমিক বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰী সকলৰ কাৰণেও বৰ্তমান চিন্তাৰ কাৰণ হৈ পৰিছে। ৰাইজে শীঘ্ৰে উন্মুক্ত বিদ্যুৎ ট্ৰেন্স ফৰ্মাৰটোত বেৰা দিয়াৰ যাৱতীয় ব্যৱস্থা হাতত লবলৈ বিভাগক পুনৰ বাৰ দাবী জনাইছে ।

Leave A Reply

Your email address will not be published.