ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বুৰাইছে উত্তৰ গুৱাহাটীৰ বহু অঞ্চল ।উত্তৰ গুৱাহাটী-গুৱাহাটী সংযোগী অভয়পুৰ, মাজগাঁও ঘাইপথত নদীৰ একাঠু পানী।উত্তৰ গুৱাহাটী অভয়পুৰ ,মাজগাঁও,শিল সাকোঁ,মধুপুৰ ৰজাদুৱাৰকে ধৰি বহু ঠাইত মানুহৰ ঘৰত একাঠু পানী । এনেদৰে নদীৰ পানী বৃদ্ধি হৈ থাকিলে বহু পৰিয়ালে এৰিব লাগিব ঘৰ দুৱাৰ আৰু প্লাৱিত হব ন ন অঞ্চল। আশ্ৰয় শিবিৰত যাব লাগিব বহু পৰিয়াল।