Daily Time Axom

মৈৰাবাৰীৰ মদাৰগুৰীত ১৪ বছৰীয়া কিশোৰ ব্ৰক্ষ্মপুত্ৰৰ বাঢ়নী পানীত পৰি সলিল সমাধি

0 25

মৰিগাঁও জিলাৰ মৈৰাবাৰীৰ মদাৰগুৰী চৰৰ মষ্টোফা হুছেইনৰ ১৪ বছৰীয়া পুত্ৰ নাজিৰুল ইছলামৰ ব্ৰক্ষ্মপুত্ৰৰ বাঢ়নী পানীত পৰি সলিল সমাধি ঘটাত অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰে। কিশোৰ গৰাকী যোৱা দুদিন ধৰি নিখোজ হৈ আছিল। আজি পুৱা স্হানীয় ৰাইজে ব্ৰহ্মপুত্ৰ নদীৰ বাঢ়নী পানীত মৃতদেহটো প্ৰত্যক্ষ কৰাত ভেলৌগুৰী থানাৰ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰোনোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

Leave A Reply

Your email address will not be published.