Daily Time Axom

সুখী সম্পৰ্কৰ ৰহস্য কি জানেনে

0 25

প্ৰেমত পৰাটো সহজ। কিন্তু সম্পৰ্ক বজাই ৰখাটো নিঃসন্দেহে প্ৰত্যাহ্বানজনক হ’ব পাৰে। সুস্থ আৰু সুখী সম্পৰ্ক গঢ়ি তোলাৰ উপাই হৈছে প্ৰেম, বিশ্বাস আৰু পাৰস্পৰিক বুজাবুজি। আৰু এয়া যে এদিনীয়া কথা নহয়। ই এক যাত্ৰা। প্ৰতি দম্পতীয়ে এই ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হয়। সুখী সম্পৰ্কৰ আচল ৰহস্য আচলতে উপযুক্ত ব্যক্তি বিচাৰি উলিওৱা। কেৱল সেয়াই নহয়, প্ৰতিদিনে নতুন নতুন ধৰণেৰে তেওঁৰ সৈতে সম্পৰ্ক মজবুত কৰা। সেই ক্ষেত্ৰত কি কৰিব?
চাৰপ্ৰাইজ কোনে ভাল নাপায়? চাৰপ্ৰাইজ দিয়া ব্যক্তিজনক আপুনি আপোনাৰ গুৰুত্বপূৰ্ণ সময় বা উপহাৰেৰে উপভোগ কৰিব পাৰে। ইয়াৰ অৰ্থ এইটো নহয় যে ই ব্যয়বহুল হ’ব লাগিব। এই ডিজিটেল যুগত আপুনি আপোনাৰ সংগীৰ হৃদয় জয় কৰিব পাৰিব এখন প্ৰেম পত্ৰ বা ফুলেৰে।
ডেটত যাব পাৰে, চিনেমা চাই বা একেলগে কফি খাই ইজনে সিজনৰ লগত কথা পাতিব পাৰে। বেয়া সময়বোৰ পাহৰিবলৈ এই ব্যক্তিগত সময়খিনিতকৈ ভাল কি হ’ব পাৰে!

মুকলিকৈ কথা কওক। আপোনাৰ সংগীক আপোনাৰ সকলো ভাল বেয়া অনুভৱ কওক। অসন্মান নকৰিব। ই অতি গুৰুত্বপূৰ্ণ।
ইজনে সিজনৰ ওচৰত থকাটোও জৰুৰী। শাৰীৰিক সম্পৰ্কই আৱেগিক সম্পৰ্ককো গভীৰ কৰি তোলে। এই দাবী থেৰাপিষ্টৰ।
বিৰক্তিৰে সম্পৰ্কটোক স্থায়ী কৰি নাৰাখিব। নিজকে পুনৰ উদ্ভাৱন কৰক। আপোনাৰ সংগীক নতুন ধৰণেৰে চিনি পাওক।

Leave A Reply

Your email address will not be published.