Daily Time Axom

জুৰীয়াৰ শিঙাৰীত গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি অনুষ্ঠান

0 17

জুৰীয়াৰ শিঙাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ পৰিচালনা সমিতিৰ উদ্যোগত অনুষ্ঠিত গ্ৰীষ্মকালীন বন্ধৰ সময়খিনি অপব্যয় নোহোৱাকৈ বৃহত্তৰ শিঙাৰী অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নত মনোনিবেশ কৰি ৰাখিবলৈ গ্ৰহণ কৰা বিনামূলীয়া পাঠদান শিবিৰৰ আজি সামৰণি অনুষ্ঠানত অঞ্চলটোৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকৰ উপস্থিতিত সফলতাৰে সম্পন্ন হয়। আজিৰ সামৰণি অনুষ্ঠান শুভ উদ্ধোধন কৰে জুৰীয়া শিক্ষা খণ্ডৰ শিক্ষা বিষয়া মৰমী কুৰ্মীয়ে । সভাত উপস্থিত থাকে জুৰীয়া শিক্ষা খণ্ডৰ কেইবাজনো CRCC, বিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰতিনিধি আদি কৰি অঞ্চলটোৰ গণ্য মান্য ব্যক্তিসকলৰ লগতে গ্ৰীষ্মকালীন বন্ধৰ কেইদিন ছাত্ৰ ছাত্ৰীক পাঠ দান দিয়া শিক্ষকসকল৷ শিক্ষাবিদ ফজলুল হক মৰলে বিদ্যালয়ৰ পৰিচালনা সমিতিৰ এনে মহৎ পদক্ষেপক শলাগ জনাই আৰু ছাত্ৰ-ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যতৰ কাৰণে পৰামৰ্শ প্ৰদান কৰে। শেষত বৃহত্তৰ শিঙাৰী ৰাইজে একেমুখে এনে যুগান্তকাৰী পদক্ষেপক প্ৰশংসা কৰাৰ লগতে আগলৈও এনে পদক্ষেপ গ্ৰহণ কৰি অঞ্চলটোৰ শিক্ষাৰ্থীক উৎসাহিত কৰিবলৈ আহ্বান জনায় । উল্লেখযোগ্য যে, এইখন বিদ্যালয়ৰ পৰা নৱোদয় বিদ্যালয়ৰ বাছনি পৰীক্ষাত দুজন শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হয় ।

Leave A Reply

Your email address will not be published.