Daily Time Axom

কেজৰিৱালৰ স্বাস্থ্যক লৈ চিন্তিত আপ, বিজেপিক চোকা কটুক্তি আপৰ

0 27

পুনৰ কেজৰিৱালৰ সন্দৰ্ভত বিজেপি চৰকাৰক সমালোচনা আপৰ। দিল্লীৰ মন্ত্ৰী আতিশীয়ে এপৰ এক্স হেণ্ডেলত এটা ভিডিঅ’ পোষ্ট কৰিছে। তেওঁ কয় যে বিজেপি চৰকাৰে কেজৰিৱালৰ জীৱনৰ লগত খেলা কৰি আছে। ইয়াক তৎক্ষণাত বন্ধ কৰাৰ প্ৰয়োজন। তিহাৰ জেলত কেজৰিৱালৰ সঠিক যত্ন লোৱা হোৱা নাই। তিহাৰ জেইল কৰ্তৃপক্ষই কয় যে কেজৰিৱাল বিজেপি চৰকাৰৰ লগত ঠিকেই আছে। কিন্তু দিল্লীৰ মুখ্যমন্ত্ৰীৰ স্বাস্থ্যৰ প্ৰতি কোনো যত্ন লোৱা হোৱা নাই। ইতিমধ্যে কেজৰিৱাল ডায়েবেটিছ ৰোগী বুলি জানিব পৰা গৈছে। ইয়াৰ পিছত যদি তেওঁৰ তেজত চেনিৰ পৰিমাণ দ্ৰুতগতিত কমি যায় তেন্তে তেওঁ ক’মা বা ব্ৰেইন ষ্ট্ৰ’কত আক্ৰান্ত হ’ব পাৰে।

ইতিমধ্যে আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে দাবী কৰিছে যে দিল্লীৰ মুখ্যমন্ত্ৰীৰ ওজন ইতিমধ্যে সাড়ে আঠ কিলোগ্ৰাম হ্ৰাস পাইছে। তদুপৰি তেওঁৰ তেজৰ চেনিৰ মাত্ৰা প্ৰতিদিনে কমি আহিছে। কেজৰিৱালৰ স্বাস্থ্য সন্দৰ্ভত আপে উত্থাপন কৰা সকলো অভিযোগ অস্বীকাৰ কৰিছে তিহাৰ জেইল কৰ্তৃপক্ষই। তেওঁলোকৰ দাবী, কেজৰিৱালৰ স্বাস্থ্য নিয়মীয়াকৈ নিৰীক্ষণ কৰা হৈছে। জেলত সুৰক্ষিত কেজৰিৱাল।
আতিশিয়ে আৰু দাবী কৰে যে ইডি আৰু চিবিআইয়ে কেজৰিৱালক কাৰাগাৰত ভৰোৱা গোচৰটো ভিত্তিহীন। প্ৰসংগক্ৰমে উচ্চতম ন্যায়ালয়ে ইডি গোচৰত কেজৰিৱালক অন্তৱৰ্তীকালীন জামিন প্ৰদান কৰিলেও চিবিআইৰ গোচৰৰ বাবে কেজৰি জেলৰ পৰা ওলাই আহিব পৰা নাই। দিল্লী উচ্চ ন্যায়ালয়ে কেজৰিৰ ৰিমাণ্ড ২৫ জুলাইলৈ বৃদ্ধি কৰিছে।

Leave A Reply

Your email address will not be published.