Daily Time Axom

সীমাহীন দুৰ্নীতিৰ বোকাৰে লতুৰি-পুতুৰী জয়সাগৰ বৰতলা গাঁও পঞ্চায়ত

0 66


MGNERGA ৰ অধীনত নিৰ্মাণ কৰা হৈছিল এই পথটি। পথটি নিৰ্মাণৰ নামত বাৰে-বাৰে দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। বৰক্ষেত্ৰী ব্লকৰ VRS বুলি পৰিচয় দিয়া এজন লোকক ফটো মাৰিবলৈ আহিবৰ দিনা ফটো তুলিব নিদি উত্তেজিত ৰাইজে খেদি পঠিয়ায়। সাংবাদিকৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থাকে ফটো তুলিবলৈ অহা লোকজনে। এই ঘটনা সংঘটিত হৈছে নলবাৰী জিলাৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত ১ নং জয়সাগৰ গাঁওৰ মাছমৰীয়া চুবুৰীত। জৰাজীৰ্ণ পথটোত এজাক বৰষুণ দিলেই বাঁহৰ দলঙ নিৰ্মাণ কৰি আহিব লাগে স্থানীয় লোকে। পিছে বৰক্ষেত্ৰী ব্লকত সংঘটিত দু
ৰ্নীতিৰ ক্ষেত্ৰত দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ কথা অসম মুখ্যমন্ত্ৰী কিম্বা জিলা উপায়ুক্ত কিম্বা বিভাগীয় বিষয়াসকলে কি ভূমিকা গ্ৰহণ কৰে সেয়া পৰবৰ্তী সময়ত লক্ষণীয় হ’ব। নলবাৰীৰ পৰা ৰিংকু ৰায় চৌধুৰীৰ প্ৰতিবেদন।

Leave A Reply

Your email address will not be published.