বিশ্ব কৰ্মাৰ পূজাৰ দিনাই মৰিগাঁও জিলাৰ লাহৰীঘাটত অঘটন।
পূজা বুলি ফুৰিবলৈ আহি ব্ৰক্ষ্মপুত্ৰত পৰি সলিল সমাধি এগৰাকী কিশোৰীৰ ।
লাহৰীঘাটৰ পলাশগুৰিত ব্ৰক্ষ্মপুত্ৰ নদীৰ পাৰত বিশ্বকৰ্মা পূজা বুলি ফুৰিবলৈ আহি নৈত গা ধুবলৈ নামিছিল লেলাইবড়ী গাঁৱৰ চাৰিগৰাকী কিশোৰী। কিশোৰী চাৰি গৰাকীক নৈৰ প্ৰবাল সোতে উঠাই নিয়াত চিঞৰ বাখৰ শুনি নৈৰ পাৰত কাম কৰি থকা ৰচুল আমিনে তৎক্ষণাৎ নৈত জাপ দি তিনি গৰাকী কিশোৰীক জীৱন্তে উদ্ধাৰ কৰে যদিও গীতাঞ্জলি দেৱী নামৰ কিশোৰী গৰাকীৰ সন্ধান নাপায়। পৰৱৰ্তী সময়ত স্থানীয় ৰাইজৰ সহযোগত বিচাৰ খোচাৰ কৰি গীতাঞ্জলি দেৱী নামৰ কিশোৰী গৰাকীৰ মৃতদেহটো ঘটনাস্থলীৰ পৰা প্ৰায় এক কিলোমিটাৰ দূৰৰ পৰা উদ্ধাৰ কৰে।
মৈৰাবাৰীৰ পৰা ইছমাইল হুছেইনৰ ৰিপৰ্ট।