Daily Time Axom

জনপ্ৰিয় কমেডি কুইন ভাৰতী সিংৰ আজি জন্ম দিন।

0 8

ডিজিটেল ডেস্ক: দৰ্শকক হাঁহিৰ খুৰাক যোগোৱা জনপ্ৰিয় কৌতুক অভিনেত্ৰী ভাৰতী সিঙৰ আজি জন্ম দিন।কৌতুক কৰি সদায়ে দৰ্শকক আমোদ দিয়া ভাৰতীয়ে গৰকিলে ৩৭ টাকৈ বছৰ।সদায়ে হাঁহিমুখে দৰ্শকৰ সমুখত ধৰা দিয়া ভাৰতী সিঙৰ হাঁহিমুখীয়া মুখখনৰ আঁৰতো আছে দর্শকে নেদেখা এখন গহীন মুখ।টেলিভিছনৰ সৰু পৰ্দাৰ পৰা আৰম্ভণি কৰি ডাঙৰ পৰ্দাত নিজৰ অস্তিত্ব বৰ্তাই ৰাখিবলৈ সক্ষম হোৱা ভাৰতীয়ে আজিৰ অৱস্থালৈ আহিবলৈ কৰিব লগা হৈছিল কঠোৰ সংগ্ৰাম।যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমানৰ দিনত ভাৰতীয়ে নিজকে প্ৰতিস্থিত ৰূপত পাবলৈ সক্ষম হৈছে।মাত্ৰ দুবছৰ বয়সতে পিতৃহাৰা হৈছিল ভাৰতী সিং।অতি দৰিদ্ৰ পৰিয়াল হোৱাৰ বাবে আনৰ ঘৰত কাম কৰি,ভাত ৰান্ধি মাতৃয়ে ভাৰতীক ডাঙৰ কৰিছিল।ইয়াৰ পিছত ‘ Laughter challenge’অনুষ্ঠানলৈ যোগ্যতা অৰ্জন কৰাৰ পিছত মুম্বাইলৈ আহিবলৈ ওলোৱা ভাৰতীক পৰিয়ালৰ সম্বন্ধীয় লোকসকলে বাধাপ্ৰদান কৰিছিল।যাৰ বাবে পৰিয়ালৰ সতে সম্বন্ধ ছেদ কৰিব লগা অৱস্থা হৈছিল।কিন্তু নিজ জীয়ৰীৰ কৰ্মত সহযোগ কৰিছিল ভাৰতী সিঙৰ মাতৃয়ে।দৰিদ্ৰতা,পৰিয়ালৰ লোকৰ সতে হোৱা সংঘাত আদি হাজাৰ বাধাক উফৰাই জীৱনটো প্ৰত্যাহ্বান হিচাপে লৈ মুম্বাইলৈ উলাই আহিছিল কৌতুক অভিনেত্ৰী গৰাকী।ইয়াৰ ফলত নিজ লক্ষ্য আৰু অনেক কষ্টৰ বলত মুম্বাইতে নিজকে প্ৰতিষ্ঠিত ৰূপত সজাই তুলিলে ভাৰতী সিঙে।নিজ লক্ষ্য স্থিৰ হ’লে আত্মবিশ্বাস থাকিলে হাজাৰ বাধাকো ওফৰাই যে জীৱন যুজঁত এদিন সফল হ’ব পাৰি তাৰেই নিদৰ্শন দাঙি ধৰিছে বৰ্তমানৰ প্ৰতিষ্ঠিত কৌতুক অভিনেত্ৰী গৰাকীয়ে।

Leave A Reply

Your email address will not be published.